প্ৰায় সম্পূৰ্ণ হৈ উঠিছে মেঘালয়ৰ সৈতে থকা ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাঁটাতাঁৰৰ বেৰ নিৰ্মাণৰ কাম। সোমবাৰে এই বিষয়ে জানিবলৈ দিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। সীমান্তৰ আন্তঃগাঁথনি উন্নয়নৰ বুজ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি, মুঠ সীমান্তৰ ভিতৰত ইতিমধ্যে প্ৰায় ৪০০ কিলোমিটাৰ অংশত বেৰ নিৰ্মাণৰ কাম সফলতাৰে শেষ হৈছে। বৰ্তমান মাত্ৰ ৪০ ৰ পৰা ৪৫ কিলোমিটাৰমান সীমাৰ কামহে বাকী আছে।

স্থানীয় কিছু সমস্যাৰ বাবেই এই শেষৰ ১০ শতাংশ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী চাংমাই। বাকী থকা অংশখিনিত বসবাস কৰা সীমান্তবাসী ৰাইজৰ প্ৰকৃত অসুবিধা আৰু জটসমূহ সমাধান কৰাৰ বাবে চৰকাৰে স্থানীয় লোকসকলৰ সৈতে নিৰন্তৰ আলোচনা চলাই থকা বুলি তেওঁ স্পষ্ট কৰে। চৰকাৰী পক্ষই স্থানীয় ৰাইজৰ সৈতে কথা পাতি তেওঁলোকৰ প্ৰতিটো যুক্তিসংগত সমস্যাৰ সমাধান উলিওৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

অন্যান্য সীমান্তৱৰ্তী ৰাজ্যসমূহৰ তুলনাত মেঘালয়ে এই ক্ষেত্ৰত যথেষ্ট ক্ষিপ্ৰতাৰে কাম কৰিছে বুলিও দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সীমান্ত সুৰক্ষা কটকটীয়া কৰা, চোৰাংচোৱা নিৰীক্ষণ ব্যৱস্থা উন্নত কৰা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বিভিন্ন প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈকে এই বেৰ নিৰ্মাণ কাৰ্য খৰতকীয়া কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *