লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী নতুন সেনা প্ৰধান হ’ব। তেওঁ বৰ্তমানৰ সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেৰ স্থান ল’ব। চৰকাৰে মঙলবাৰে নিশা এই ঘোষণা কৰে। লেফটেনেণ্ট জেনেৰেল দ্বিবেদীয়ে বৰ্তমান সেনাৰ উপ-প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। জেনেৰেল পাণ্ডে ৩০ জুনত অৱসৰ ল’ব। চৰকাৰে লেফটেনেণ্ট জেনেৰেল দ্বিবেদীৰ নিযুক্তিত জ্যেষ্ঠতাৰ আদেশ অনুসৰণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয়, “চৰকাৰে বৰ্তমান সেনাৰ উপ-প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীক ৩০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী সেনা প্ৰধান হিচাপে নিযুক্তি দিছে।”

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *