দেশজুৰি সৃষ্টি হোৱা ৰন্ধন গেছৰ তীব্ৰ নাটনিৰ মাজতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে সকলো ঘৰুৱা গ্ৰাহকৰ বাবে বাধ্যতামূলক কৰিছে আধাৰভিত্তিক ই-কেৱাইচি। শনিবাৰে মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি, গ্ৰাহকসকলে এতিয়া নিজৰ ঘৰতে বহি ম’বাইল এপৰ জৰিয়তে এই বায়’মেট্ৰিক প্ৰমাণীকৰণ সম্পূৰ্ণ কৰিব পাৰিব। ইয়াৰ বাবে গ্ৰাহকে সংশ্লিষ্ট তেল কোম্পানীৰ ম’বাইল এপৰ লগতে আধাৰ ফেচ আৰ ডি এপ ব্যৱহাৰ কৰিব লাগিব। উল্লেখযোগ্য যে, মধ্যপ্ৰাচ্যৰ যুদ্ধসদৃশ পৰিৱেশৰ বাবে হৰমুজ প্ৰণালীৰে জাহাজ চলাচল ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতত এল পি জি যোগানত মোক্ষম আঘাত পৰিছে। ইয়াৰ প্ৰভাৱত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৬০ টকা পৰ্যন্ত বৃদ্ধি পাইছে। ইফালে পঞ্জাৱৰ দৰে ৰাজ্যৰ গ্ৰাম্য অঞ্চলত গেছৰ অভাৱত মানুহে বাধ্য হৈ পুনৰ মাটিৰ চুলা ব্যৱহাৰ কৰিবলৈ লৈছে। আনহাতে, পৰিস্থিতিৰ সুযোগ লৈ একাংশই চিলিণ্ডাৰ মজুত কৰি ক’লা বজাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে। কৰ্ণাটকৰ কেংগেৰীত ইতিমধ্যে এজন ব্যক্তিক এনে কাৰ্যৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। দিল্লী চৰকাৰে ক’লা বজাৰ ৰোধ কৰিবলৈ আৰক্ষীৰ নিয়মীয়া ছুটী বাতিল কৰাৰ লগতে বাণিজ্যিক চিলিণ্ডাৰৰ যোগান ২০ শতাংশলৈ সীমিত কৰিছে। চৰকাৰে জনোৱা অনুসৰি, এই নতুন ই-কেৱাইচি ব্যৱস্থাই প্ৰকৃত হিতাধিকাৰীক চিনাক্ত কৰাত সহায় কৰিব। কোনো গ্ৰাহকে সমস্যাৰ সন্মুখীন হ’লে নিজৰ বিতৰকৰ সৈতে যোগাযোগ কৰিবলৈ বা চৰকাৰী ট’ল-ফ্ৰী হেল্পলাইন নম্বৰৰ সহায় ল’বলৈ পৰামৰ্শ দিয়া হৈছে। Share this:FacebookX Related Post navigation ডুবাই বিমানবন্দৰৰ সমীপত ড্ৰোন আক্ৰমণ; ইন্ধন ডিপোত ভয়াৱহ অগ্নিকাণ্ড, বিমান চলাচল ব্যাহত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন ছয়মাহ