লৰ্ডছ মাৰ্ক ইণ্ডাষ্ট্ৰীজ লিমিটেডে উন্নত ভাৰত অভিযানৰ সহযোগত আৰম্ভ কৰিছে ই স্মাৰ্ট ক্লিনিক প্ৰকল্প। এইমছ ৰাজকোটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভণি কৰি এই পদক্ষেপ দেশৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিত এক উল্লেখযোগ্য পদক্ষেপ ৰূপে চিহ্নিত হৈছে। আইআইটি দিল্লীত লৰ্ডছ মাৰ্ক ইণ্ডাষ্ট্ৰীজ আৰু উন্নত ভাৰত অভিযানৰ মাজত স্বাক্ষৰিত একচেটিয়া বুজাবুজি চুক্তিৰ মূল লক্ষ্য হৈছে এই প্ৰকল্পৰ জৰিয়তে স্বাস্থ্যসেৱাৰ সুবিধা সহজ আৰু সুলভ কৰি তোলা। লৰ্ডছ মাৰ্ক ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ কাৰ্যবাহী সঞ্চালক মানৱ তীলিয়ে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত উদ্ভাৱন আৰু ব্যয়সাধ্যতা বা কম খৰচৰ প্ৰতি থকা দায়বদ্ধতাক আলোকপাত কৰি নিজৰ মনোভাৱ প্ৰকাশ কৰে। লৰ্ডছ মাৰ্ক ইণ্ডাষ্ট্ৰীজে নিজৰ প্ৰযুক্তি অংশীদাৰ ড’জিৰ সহযোগত নিৰ্মাণ কৰা ই স্মাৰ্ট ক্লিনিকত বাহ্যিকভাৱে সংলগ্ন নথকা ৰোগীৰ গুৰুত্বপূৰ্ণ পৰিমাপ বা অৱস্থা ধৰা পেলাবলৈ পেটেণ্টযুক্ত প্ৰযুক্তি ব্যৱহাৰ কৰে। মাত্ৰ ২০ মিনিটতে ৰক্ত পৰীক্ষা কৰিব পৰা এই ক্লিনিকখনে গ্ৰামাঞ্চলৰ ৰোগীক আগশাৰীৰ চিকিৎসকৰ সৈতে অনলাইনযোগে নিৰৱচ্ছিন্নভাৱে সংযোগ কৰি স্থানীয় ভাষাত যোগাযোগ স্থাপন কৰে। আইআইটি দিল্লীৰ ফাউণ্ডেচন ফৰ ইনভেচন এণ্ড টেকন’লজী ট্ৰেন্সফাৰৰ ৰাষ্ট্ৰীয় সমন্বয়ক বীজেন্দ্ৰ কুমাৰ বিজয়ে এই অংশীদাৰিত্বৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ বিষয়ে গুৰুত্ব আৰোপ কৰি লাখ লাখ মানুহৰ জীৱনলৈ পোনপটীয়া ৰূপান্তৰ অনাৰ সম্ভাৱনা আছে। ভাৰতত ৩,০০০ কোটি টকাৰ অধিক বজাৰৰ সম্ভাৱনা থকা এই ক্লিনিকৰ লক্ষ্য হৈছে দেশৰ প্ৰতিজন ৰোগীক ১,০০০ টকাৰ কম মূল্যত পৰীক্ষা আৰু চিকিত্সা সম্বন্ধীয় পৰামৰ্শ আগবঢ়োৱা। Share this:FacebookX Related Post navigation ৰাজীৱ চন্দ্ৰশেখৰে পৰৱৰ্তী তিনি বছৰত কেৰালাৰ ৪ লাখ যুৱক-যুৱতীক লক্ষ্য কৰি ভৱিষ্যতৰ প্ৰস্তুত দক্ষতা আৰম্ভ কৰিছে