ইৰাণত প্ৰতিবাদ বাঢ়িছে, ৰাজপথলৈ ওলাই আহিছে আৰু চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিছে ৰাইজে। ইয়াৰ পিছতে এতিয়া লণ্ডনতো প্ৰতিবাদ দেখা গৈছে। লণ্ডনত থকা ইৰাণৰ দূতাবাসত প্ৰতিবাদকাৰীয়ে বৰ্তমানৰ পতাকাখন আঁতৰাই পুৰণি পতাকাখন উত্তোলন কৰে।লণ্ডনৰ পৰা এটা ভিডিঅ’ ওলাইছে য’ত দেখা গৈছে যে ইৰাণৰ পতাকাখন দূতাবাসৰ পৰা আঁতৰাই তাৰ ঠাইত ইছলামিক বিপ্লৱৰ পূৰ্বে ইৰাণৰ পতাকাখন ৰখা হৈছিল।ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত দেখা গৈছে যে শনিবাৰে প্ৰতিবাদৰ সময়ত এজন ব্যক্তিয়ে এটা অট্টালিকা বগাইছে। শীৰ্ষত উপনীত হোৱাৰ লগে লগে তেওঁ বৰ্তমানৰ ইৰাণী শাসনৰ পতাকাখন আঁতৰাই তাৰ ঠাইত ১৯৭৯ চনৰ পূৰ্বৰ সিংহ আৰু সূৰ্য্যৰ পতাকাখন স্থাপন কৰে। অট্টালিকাৰ বাহিৰত সমবেত হোৱা আন শতাধিক প্ৰতিবাদকাৰীয়েও ইছলামিক বিপ্লৱৰ পূৰ্বৰ পতাকা উৰুৱাই চৰকাৰ বিৰোধী শ্লোগান দিয়া দেখা গৈছে।

২ জন লোকক গ্ৰেপ্তাৰ
মেট্ৰোপলিটান আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুজন লোকক আটক কৰে। অৱশ্যে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত পতাকা নমাই দিয়া লোকজনো আছে নে নাই সেয়া ততাতৈয়াকৈ স্পষ্ট হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *