ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যজুৰি এতিয়া বিৰাজ কৰিছে এক পাৰাপাৰহীন উছাহৰ। আজি পবিত্ৰ দৌল যাত্ৰা আৰু কাইলৈ হোলী উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে চাৰিওফালে। ফাকুৱা উপলক্ষে মৰিগাঁও, কামৰূপ মহানগৰ, নগাঁও আৰু শোণিতপুৰ জিলাত অহা ৪ মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছে সংশ্লিষ্ট জিলা প্ৰশাসনে।

নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সোমবাৰে এক নিৰ্দেশনাযোগে এই স্থানীয় বন্ধৰ কথা জানিবলৈ দিয়ে। বটদ্ৰৱা থান পৰিচালনা সমিতি আৰু কেইবাটাও সামাজিক অনুষ্ঠানৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই জিলা আয়ুক্তই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিৰ্দেশনাৰ ফলত কামৰূপ মহানগৰ, শোণিতপুৰ আৰু মৰিগাঁও জিলাৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু বেংক আদি বন্ধ থাকিব।

অৱশ্যে জিলা প্ৰশাসনে স্পষ্ট কৰি দিছে যে এই স্থানীয় বন্ধই জিলাকেইখনৰ নিৰ্ধাৰিত পৰীক্ষাৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। যিবোৰ লিখিত পৰীক্ষা বা সাক্ষাৎকাৰ আগতীয়াকৈ থিৰাং কৰা আছিল, সেইসমূহ পূৰ্বৰ সূচী মৰ্মেই অনুষ্ঠিত হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে অসম চৰকাৰৰ বন্ধৰ তালিকাত ৩ মাৰ্চৰ দিনটো দৌল যাত্ৰাৰ বাবে চৰকাৰী বন্ধ হিচাপে ইতিমধ্যে ঘোষণা কৰা হৈছে। যাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ, নগাঁও, মৰিগাঁও আৰু শোণিতপুৰ জিলাৰ চৰকাৰী কৰ্মচাৰীসকলে ৩ আৰু ৪ মাৰ্চত একেৰাহে দুদিনকৈ বন্ধ লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *