ভাৰতৰ আগশাৰীৰ স্মাৰ্টফোন ব্ৰেণ্ড লাভা ইণ্টাৰনেচনেলে মুকলি কৰিলে ছেগমেণ্ট-বেষ্ট ৮জিবিএলপিডিডিআৰ৫ ৰেম আৰু ইউএফএছ ৩.১ ১২৮জিবি/২৫৬জিবি ইণ্টাৰনেল ষ্ট’ৰেজৰ সৈতে বৈপ্লৱিকমিড ৰেঞ্জ স্মাৰ্টফোন ব্লেজ কাৰ্ভ ৫জি। এই নতুন ডিভাইচটো বিজুলীৰ দৰে দ্ৰুত গতিৰমিডিয়াটেক ডাইমেনচিটি ৭০৫০ প্ৰক্ৰিয়াৰে চালিত, যিয়ে অতুলনীয় গতি আৰুকাৰ্যক্ষমতা প্ৰদান কৰে। নতুন মুকলিৰ বিষয়ে লাভা ইণ্টাৰনেচনেলৰ পৰিচালন সঞ্চালক সুনীল ৰাইনাই কয় যে, ব্লেজকাৰ্ভ ৫জি মোবাইলটোৱে স্মাৰ্টফোন উদ্যোগত ভাৰতীয় অভিযান্ত্ৰিকী আৰু প্ৰযুক্তিগতশক্তি প্ৰদৰ্শন কৰিছে আৰু ভাৰতীয় গ্ৰাহকসকলক ২০ হাজাৰৰ তলৰ মূল্যৰ পৰিসৰতবিশ্বমানৰ অভিজ্ঞতা প্ৰদান কৰা লক্ষ্য হাতত লৈছে। ব্লেজ কাৰ্ভ ৫জি দুটাভেৰিয়েণ্টত উপলব্ধ – ৮+৮*জিবি/১২৮জিবি আৰু ৮+৮*জিবি/২৫৬জিবি, যাৰ মূল্য ক্ৰমে১৭,৯৯৯/ আৰু ১৮,৯৯৯/ টকা। এই ফোনটোৱে ব্লটৱেৰ-ফ্ৰী, এড-ফ্ৰী, আৰু ক্লিনত চলিবএণ্ড্ৰইড ১৩ত পৰিচালিত হ’ব। নতুন ফোনটোত লাভাই নিয়মীয়া চফ্টৱেৰ আপডেট, এণ্ড্ৰইড ১৪ আৰু ১৫লৈ আপডেটসহ ৩ বছৰৰ বাবেত্ৰিমাসিক সুৰক্ষা আপডেটৰ প্ৰতিশ্ৰুতি দিছে। ব্লেজ কাৰ্ভ ৫জিত শক্তিশালী ৫০০০এমএইউছ লি পলিমাৰ বেটাৰী প্ৰদান কৰিছে আৰু ই ৩৩ ৱাট চাৰ্জাৰৰ সৈতে দ্ৰুত চাৰ্জিংসক্ষমতা প্ৰদান কৰিছে। ব্লেজ কাৰ্ভ ৫জি ১১ মাৰ্চৰ পৰা দুপৰীয়াৰ পৰা আমাজন.ইন লাভাই-ষ্ট’ৰ, আৰু সমগ্ৰ লাভা ৰিটেইল নেটৱৰ্কৰ জৰিয়তেও ক্ৰয় কৰিব পাৰিব। Share this:FacebookX Related Post navigation কেৱল ‘নিকনেম’তে সীমাবদ্ধ নহ’বলৈ গ্ৰাহকক উদগণি টেটলি গ্ৰীন টিৰ যুৱসকলক নিযুক্তিৰ সুযোগপ্ৰদানৰ বাবে লক্ষ্ণৌত কৌশল মহোৎসৱ