মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে ২০২১ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে ৰাজ্যজুৰি আৰম্ভ কৰিছিল মাটিৰ দালাল, ভূ মাফিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। সেই নিৰ্দেশৰ পাছতে তেতিয়াই আৰক্ষীয়ে মাটিৰ দালাল, ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় ৬০০ জনৰো অধিক দালালক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। ৰাজ্যৰ সাধাৰণ লোকে মুখ্যমন্ত্ৰীৰ এনে পদক্ষেপক আদৰণি জনাইছিল। আনহাতে তাৰ পাছৰে পৰা সময়ে সময়ে ভূ- মাফিয়া বা মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিলেও সমষ্টি পুনৰ গঠনৰ পাছত বৰ্তমান জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা গুৱাহাটী ৰাজহ চক্ৰৰ জালুকবাৰী মৌজাৰ অধীনৰ পশ্চিম জালুকবাৰী ৰাজহ গাওঁৰ খানামুখ চেকগেট, হৰিদেৱ নগৰ আদি অঞ্চলত অদ্যাপি দালালৰ দুষ্কাৰ্য অব্যাহত আছে। বিশেষকৈ অঞ্চলটোত দালাল আৰু ভূ-মাফিয়া সকলে পুনৰ স্বৰূপ ধাৰণ কৰাত শংকিত হৈ পৰিছে সাধাৰণ ৰাইজে। যাৰবাবে ২০২১ চনৰ অক্টোবৰ মাহত দালাল চক্ৰৰ দৌৰাত্ম্য ৰোধৰ বাবে খানামুখ চেকগেটৰ ৰূপকোঁৱৰ হাউছিং কম্পলেক্স ছচাইটিয়ে চৰকাৰী মাটি বেদখলমুক্ত কৰি দালাল চক্ৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল। সেই পত্ৰখনত ৰূপকোঁৱৰ হাউছিং কম্পলেক্সৰ গাতে লাগি থকা ৯০৩ নং দাগৰ ৬ বিঘা ৩ কঁঠা চৰকাৰী মাটি দালাল চক্ৰৰ পৰা মুক্ত কৰি সেই মাটি স্থানীয় খানামুখ অঞ্চলৰ ৰাইজৰ ৰাজহুৱা কামকাজত ব্যৱহাৰৰ বাবে চিৰদিনৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা, দালাল চক্ৰক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছিল। উল্লেখ্য যে পৰৱৰ্তী সময়ত ২০২২ চনৰ মাৰ্চ মাহত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সেই মাটিৰ স্থান পৰিদৰ্শন কৰি চৰকাৰী মাটিৰ ভিতৰত ৬ বিঘাত অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালকালয়ৰ উদ্যোগত এটা অত্যাধুনিক চুইমিং পুলসহ এটা ক্ৰীড়া প্ৰকল্প আৰু বাকী তিনি কঠা মাটিৰ কিছু অংশ ৰূপকোঁৱৰ হাউচিং নামঘৰ, ৰূপকোঁৱৰ হাউচিং শিশু উদ্যান, স্থানীয় এনাজৰী মহিলা সমিতি, পশ্চিম গুৱাহাটী সাংবাদিক সন্থা আৰু খানামুখ অঞ্চলৰ সামাজিক – সাংস্কৃতিক অনুষ্ঠান – প্ৰতিষ্ঠানক আবন্টন দিব বুলি ৰাজহুৱাভাবে ঘোষণা কৰিছিল। জানিব পৰা মতে চৰকাৰী নীতি নিয়ম মানি ৰূপকোঁৱৰ হাউচিং নামঘৰ আৰু ৰূপকোঁৱৰ হাউচিং শিশু উদ্যান কমিটীয়ে বসুন্ধৰাত মাটি আবণ্টন দিয়াৰ বাবে আবেদন পৰ্য্যন্ত কৰিছে। ইয়াৰ মাজতে দালাল চক্ৰই সেই চৰকাৰী মাটিৰ ওচৰতে থকা ম্যাদি পট্টাৰ দাগ নম্বৰ ব্যৱহাৰ কৰি চৰকাৰী মাটিক ম্যাদি বুলি প্ৰচাৰ কৰি বহু লোকৰ পৰা আগধন পৰ্যন্ত লোৱা বুলি অভিযোগ উত্থাপিত হৈছে । এই সন্দৰ্ভত পূৰ্বতে সংবাদ মাধ্যমত বেদখলৰ বাতৰি প্ৰকাশ পোৱাত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিশেষ তৎপৰ ব্যৱস্থা গ্ৰহণ কৰি গুৱাহাটী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ জৰিয়তে সেই বেদখল উচ্ছেদ কৰে। আনকি উচ্ছেদ কাৰ্য চলোৱাৰ পাছত তাত সেই মাটি সংৰক্ষিত মাটি বুলি প্ৰশাসনৰ ফালৰ পৰা চাইনবর্ড আৰি দিয়া হয়। তাৰ পাছতো পূৰ্বতে বেদখলৰ লগত জড়িত দুষ্ট প্ৰকৃতিৰ কেইজনমান লোকে পুনৰ বেদখলৰ চেষ্টা আৰম্ভ কৰাত ৰাইজ শংকিত হৈ পৰিছে । ইফালে অঞ্চলটো হিন্দু বসতি প্ৰধান আৰু বেদখলৰ লগত জড়িত দালাল চক্ৰটোৰ একাংশ ইছলামধৰ্মী হোৱা বাবে বেদখলৰ ঘটনাক কেন্দ্ৰ কৰি আগন্তক দিনত অঞ্চলটোৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হোৱাৰো আশংকা কৰা হৈছে। উল্লেখ্য যে ২০২৩ চনৰ মাৰ্চ মাহত এই সন্দৰ্ভত স্থানীয় লোকে গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক অৱগত কৰাত চক্ৰ বিষয়াৰ নিৰ্দেশত তেতিয়াৰ দাস উপাধিৰ লাট মণ্ডল গৰাকীয়ে চৰজমিন ক্ষেত্ৰ পৰিদৰ্শন কৰি বেদখলকাৰী চক্ৰক সকীয়নী প্ৰদান কৰে। লাট মণ্ডলৰ সকীয়নীৰ পাছত সেই বেদখলকাৰী চক্ৰটো তাৰ পৰা আতৰি গৈছিল। কিন্তু কিছুদিন নিতাল মাৰি থকাৰ পাছত এতিয়া তাত ৰহস্যজনক ভাবে আবিৰ্ভাৱ হৈছে আন এটা বেদখলকাৰী চক্ৰ । জানিব পৰা মতে সেই চক্ৰটোৱে নিজকে এটা এন জি অ আৰু মূখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি দাবী কৰি অহা কাৰ্যই স্বাভাৱিকতে ৰাইজক পুনৰ শংকিত কৰি তুলিছে। এই সন্দৰ্ভত ৰূপকোঁৱৰ হাউছিং কম্পলেক্স চছাইটি , খানামুখ মিলন সংঘ, পশ্চিম গুৱাহাটী সাংবাদিক সন্থা , খানামুখ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ পৰিচালনা সমিতি, এনাজৰী মহিলা সমিতিকে ধৰি বিভিন্ন দল – সংগঠন , অঞ্চলটোৰ সকলো শ্ৰেণীৰ সচেতন ৰাইজে মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিষয়টোত হস্তক্ষেপ কৰি সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হোৱাৰ আশংকা থকা বেদখলকাৰী চক্ৰটোক চিনাক্ত কৰি চিৰদিনৰ বাবে তেঁওলোকৰ তাত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনাইছে। একে সময়তে ৰাইজে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক জিলা প্রশাসনৰ জৰিয়তে তাত থকা ছয় বিঘাৰো অধিক মূল্যবান চৰকাৰী মাটি ক্ৰীড়া প্ৰকল্পৰ লগতে আন আন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে স্থায়ীভাবে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে বেদখলকাৰী চক্ৰক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। Share this:FacebookX Related Post navigation ১২০ বছৰত সমগ্ৰ বিশ্বতে খৰাঙত ক্ষতিগ্ৰস্ত ভূমিৰ পৰিমাণ দুগুণলৈ বৃদ্ধি