২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চল কঁহৰা ৷ বনাঞ্চলখনৰ প্ৰৱেশদ্বাৰ মিহিমুখত দেওবাৰে পৰ্যটক, স্থানীয় ৰাইজ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষৰ লগতে বনবিভাগৰ বিষয়া-কৰ্মী, পৰ্যটন ব্যৱসায়ী আদিৰ উপস্থিতিত ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নাৰিকল ভাঙি, ফিটা কাটি কঁহৰা বনাঞ্চল আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰে ৷ইয়াৰ লগে লগে কঁহৰা বনাঞ্চলত পৰ্যটকৰ বাবে জীপ ছাফাৰী আৰু হাতী ছাফাৰী মুকলি কৰা হয় ৷ মুঠৰ ওপৰত সৰ্বতোপ্ৰকাৰে পৰ্যটকক আদৰিবলৈ সাজু হৈছে কাজিৰঙা ৷ Share this:FacebookX Related Post navigation ১০ মাহত ৬১,৬০৭খন বাহন বিক্ৰীৰ অভিলেখ সৃষ্টি কৰি অক্টোবৰ মাহত এতিয়ালৈকে সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছে স্কোডা অটো ইণ্ডিয়াই BCCI ৰ এক ডাঙৰ ঘোষণা