চৰ্চিত জুবিন গাৰ্গ হত্যা গোচৰৰ শুনানিত সোমবাৰে এক গুৰুত্বপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হয়। আদালতৰ পৰ্যবেক্ষণত পোহৰলৈ আহে যে অভিযুক্ত শ্যামকানুৰ বেংক একাউণ্ট ফ্ৰীজ কৰাৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা চমুকৈ বিএনএছএছৰ ১০৭ ধাৰা সঠিকভাৱে পালন কৰা হোৱা নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে আদালতে অভিযুক্তৰ বেংক একাউণ্টটো পুনৰ খুলি দিয়াৰ নিৰ্দেশ জাৰি কৰে।

শুনানিৰ সময়ত বিশেষভাৱে চৰ্চিত হয় ছিংগাপুৰৰ কৰ’নাৰ্ছ প্ৰতিবেদন দাখিলৰ বিষয়টো। আদালতত আৰক্ষীৰ তৰফৰ পৰা জনোৱা হয় যে ইতিমধ্যে ছিংগাপুৰৰ বহু গুৰুত্বপূৰ্ণ নথি সংগ্ৰহ কৰি অভিযোগনামাৰ সৈতে সংযুক্ত কৰা হৈছে। অৱশ্যে আদালতে স্পষ্ট কৰি দিয়ে যে নতুন আইন অনুসৰি বিদেশৰ পৰা নথি আনিবলৈ আদালতৰ নিজা ক্ষমতা নাই।

এই আইনী জটিলতাৰ সন্দৰ্ভত আদালতে মত প্ৰকাশ কৰে যে প্ৰয়োজন হ’লে ভাৰত চৰকাৰেহে আনুষ্ঠানিক আবেদনৰ জৰিয়তে এই প্ৰক্ৰিয়া আগবঢ়াব পাৰিব। ইফালে, গোচৰটোৰ সৈতে জড়িত সিদ্ধাৰ্থৰ মহাবীৰ একুৱা সন্দৰ্ভত আগন্তুক ১৯ মাৰ্চত এক পৃথক শুনানি অনুষ্ঠিত হ’ব।

পৰৱৰ্তী শুনানিৰ বাবে আদালতে ১৯ মাৰ্চৰ দিনটো ধাৰ্য কৰিছে। একেদিনাই জুবিন গাৰ্গ হত্যা গোচৰৰ মূল শুনানিও অনুষ্ঠিত হ’ব। এতিয়া এই স্পৰ্শকাতৰ গোচৰটোত ছিংগাপুৰৰ নথিয়ে কেনে ভূমিকা লয়, সেয়া আগন্তুক সময়ত লক্ষ্যণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *