কংগ্ৰেছক লৈ ভুৱা প্ৰচাৰ চলাই এতিয়া বিপদত পৰিছে সাংবাদিক অৰ্ণৱ গোস্বামী। ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদকগৰাকীৰ বিৰুদ্ধে তৰা এক মানহানিৰ গোচৰৰ ভিত্তিত মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে এক চমন জাৰি কৰিছে। অৱশ্যে ন্যায়াধীশ মিনি পুষ্কৰ্ণাই বিষয়টোৰ ওপৰত বৰ্তমানৰ পৰ্যায়ত কোনো অন্তৱৰ্তীকালীন নিষেধাজ্ঞা জাৰি কৰিবলৈ অস্বীকাৰ কৰে।

উল্লেখ্য যে, তুৰস্কৰ ইস্তানবুল কংগ্ৰেছ কেন্দ্ৰক ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যালয় বুলি অৰ্ণৱ গোস্বামীয়ে ভুলকৈ প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে দলটোৱে। কংগ্ৰেছৰ অধিবক্তাই আদালতত জনোৱা মতে, যোৱা ২০২৫ চনৰ মে’ মাহত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পটভূমিত অৰ্ণৱ গোস্বামীয়ে এই মিছা দাবী কৰিছিল। তেওঁৰ মতে, এই বিভ্ৰান্তিকৰ তথ্যই আজিও দলটোৰ মৰ্যাদা হানি কৰি আছে।

ইফালে, ২০২৫ চনৰ মে’ মাহত একেটা বিষয়তে ভাৰতীয় যুৱ কংগ্ৰেছেও বেংগালুৰু আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্য আৰু অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে তৰা উক্ত গোচৰত উল্লেখ কৰা হৈছে যে ভাৰত আৰু তুৰস্কৰ মাজত থকা কূটনৈতিক জটিলতাৰ সময়ত এনে ধৰণৰ প্ৰচাৰে দেশৰ ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা চলাইছে।

দিল্লী উচ্চ ন্যায়ালয়ে অৰ্ণৱ গোস্বামীক অহা চাৰি সপ্তাহৰ ভিতৰত এই সন্দৰ্ভত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি আদালতৰ বিচাৰপীঠে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন অহা ১৯ মে’ত ধাৰ্য কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *