অসমৰ এক বিতৰ্কিত গোচৰত কংগ্ৰেছ নেতা পৱন খেৰাৰ আইনী জটিলতা বৃদ্ধি পোৱাৰ সময়তে তেওঁৰ পক্ষত থিয় দিছে কংগ্ৰেছ নেতৃত্ব। ভয়-ভাবুকি আৰু হাৰাশাস্তিৰ ৰাজনীতিৰ ওপৰত অৱশেষত ন্যায়ৰ জয় হ’ব। এই আত্মবিশ্বাস ব্যক্ত কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে। গুৱাহাটী উচ্চ ন্যায়ালয়ে খেৰাৰ আগতীয়া জামিন আবেদন খাৰিজ কৰাৰ পাছতে শনিবাৰে দলটোৰ নেতৃত্ব সৰব হৈ পৰা পৰিলক্ষিত হয়। বৰ্তমান সময়ত সমগ্ৰ ভাৰতীয় জাতীয় কংগ্ৰেছ বৰ্তমান পৱন খেৰাৰ কাষত দৃঢ়তাৰে থিয় দিছে। জয়ৰাম ৰমেশে এক সামাজিক মাধ্যমৰ প’ষ্টত কয়, “দলৰ সংবাদ আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ সৈতে সমগ্ৰ ভাৰতীয় জাতীয় কংগ্ৰেছ একাত্মতাৰে থিয় দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক ইতিমধ্যে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাৰ প্ৰক্ৰিয়া চলি আছে।” তেওঁ চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি লগতে কয়, “আমি নিশ্চিত যে ভয়-ভাবুকি আৰু হাৰাশাস্তিৰ ৰাজনীতিৰ বিৰুদ্ধে অৱশেষত ন্যায়ৰ জয় হ’ব।” উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে কৰা বিস্ফোৰক অভিযোগক কেন্দ্ৰ কৰি এই আইনী যুঁজ আৰম্ভ হৈছিল। ৰিণিকি ভূঞা শৰ্মাৰ একাধিক পাছপ’ৰ্ট আৰু বিদেশত অঘোষিত সম্পত্তি থকা বুলি সংবাদমেলত দাবী কৰিছিল পৱন খেৰাই। ইয়াৰ পাছতে গুৱাহাটী অপৰাধ শাখাত ৰুজু হোৱা গোচৰত শুকুৰবাৰে উচ্চ ন্যায়ালয়ে তেওঁৰ আগতীয়া জামিন আবেদন খাৰিজ কৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মেই খেৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও তাত তেওঁ কোনো সকাহ লাভ নকৰিলে। বৰ্তমান পৱন খেৰাৰ যিকোনো মুহূৰ্ততে হ’বলগীয়া গ্ৰেপ্তাৰক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত তীব্ৰ চাঞ্চল্য অব্যাহত আছে। Share this:FacebookX Related Post navigation “সন্দেহৰ অৱকাশ নাই”: ভাৰত বিশ্বগুৰু হ’ব বুলি আত্মবিশ্বাসী মন্তব্য মোহন ভাগৱতৰ মেদান্তা হাস্পতালে কেনেদৰে ৰবটিক অস্ত্ৰোপচাৰৰ জৰিয়তে ৰূপান্তৰ ঘটাইছে বৃক্ক প্ৰত্যাৰোপণৰ