অসম গণ পৰিষদ ত্যাগ কৰি সোমবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে জয়ন্ত খাউণ্ডে। নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু দলৰ জ্যেষ্ঠ পৰ্যবেক্ষক ডি কে শিৱকুমাৰৰ উপস্থিতিত তেওঁ দলটোৰ সদস্যপদ গ্ৰহণ কৰে। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে খাউণ্ডৰ এই দলান্তৰক এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘটনা হিচাপে গণ্য কৰা হৈছে।

জয়ন্ত খাউণ্ডক দললৈ আদৰণি জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে খাউণ্ডৰ যোগদানে কংগ্ৰেছৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিব। অসমৰ সংস্কৃতি ৰক্ষাৰ বাবে কাম কৰি অহা এজন যুৱ নেতা হিচাপে তেওঁৰ পৰিচয় আছে বুলি উল্লেখ কৰি গগৈয়ে জানিবলৈ দিয়ে যে বিগত কেইমাহমানৰ পৰা জয়ন্ত খাউণ্ডে দলটোৰ সৈতে যোগাযোগ কৰি আছিল।

ইফালে, অগপ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ পাছতে জয়ন্ত খাউণ্ডে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু গৌৰৱ গগৈৰ নেতৃত্বৰ প্ৰতি আস্থা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে ৰাহুল গান্ধী আৰু গৌৰৱ গগৈৰ কাম-কাজত অনুপ্ৰাণিত হৈয়েই তেওঁ এই সিদ্ধান্ত লৈছে। একেলগে ৰাইজৰ কল্যাণৰ বাবে কাম কৰি যোৱাৰ কথাও তেওঁ সংবাদ মাধ্যমৰ আগত দোহাৰে।

আগন্তুক নিৰ্বাচনত চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলিও দলীয় নেতৃত্বই এই অনুষ্ঠানত উল্লেখ কৰে। জয়ন্ত খাউণ্ডৰ এই পদক্ষেপে তেওঁৰ সমষ্টিৰ নিৰ্বাচনী সমীকৰণতো প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *