ঘৰতে পঢ়িবলৈ বহি নেওতা লিখিব নোৱাৰাৰ বাবেই এজন পাষণ্ড পিতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজৰে চাৰি বছৰীয়া কন্যাক। ফৰিদাবাদত সংঘটিত এই শোকাৱহ কাণ্ডৰ সন্দৰ্ভত শুকুৰবাৰে আৰক্ষীয়ে অভিযুক্ত পিতৃ কৃষ্ণ জয়ছোৱালক গ্ৰেপ্তাৰ কৰিছে। উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাৰ নিবাসী জয়ছোৱালে ফৰিদাবাদৰ চেক্টৰ ৫৮ থানাৰ অন্তৰ্গত এটা ভাড়াঘৰত পৰিয়ালৰ সৈতে বসবাস কৰিছিল।

আৰক্ষীৰ ভাষ্য অনুসৰি, ২১ জানুৱাৰীত সংঘটিত এই ঘটনাৰ দিনা শিশুটিৰ মাতৃ কৰ্মস্থলীলৈ যোৱাৰ বিপৰীতে পিতৃ ঘৰতে আছিল। জয়ছোৱালে কন্যাক ১ৰ পৰা ৫০লৈ নেওতা লিখিবলৈ দিছিল যদিও শিশুটিয়ে সেয়া সম্পূৰ্ণ কৰিব নোৱাৰাত তেওঁ খঙত অগ্নিশৰ্মা হৈ পৰে। ইয়াৰ পিছতে তেওঁ কন্যাক নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰু গুৰুতৰ আঘাতৰ ফলত শিশুটিৰ মৃত্যু ঘটে। সন্ধিয়া মাতৃয়ে কামৰ পৰা উভতি আহি বিচনাত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

এই ঘটনা সন্দৰ্ভত ফৰিদাবাদ আৰক্ষীৰ মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়া মতে, অভিযুক্তক ইতিমধ্যে আদালতত হাজিৰ কৰি এদিনৰ আৰক্ষী জিম্মাত লোৱা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত শিশুটিৰ মৃতদেহ পৰিয়ালক গতাই দিয়া হয়। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *