আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবলত ইৰানৰ অংশগ্ৰহণক লৈ এতিয়া তীব্ৰ অনিশ্চয়তাই দেখা দিছে। আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পাছত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিৱেশৰ পৰিপ্ৰেক্ষিতত ইৰানে বিশ্বকাপৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইৰানৰ ফুটবল এছ’চিয়েচনৰ মুৰব্বী মেহদি তাজীয়ে সোমবাৰে স্পষ্ট কৰি দিয়ে যে বৰ্তমানৰ পৰিস্থিতিত তেওঁলোকৰ দেশৰ বাবে আমেৰিকাৰ মাটিত খেলাটো প্ৰায় অসম্ভৱ। ৰাষ্ট্ৰীয় নিয়ন্ত্ৰিত এটা টেলিভিছন চেনেলৰ জৰিয়তে মেহদীয়ে কয়, “আমেৰিকাৰ আক্ৰমণ আৰু দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বিশ্বকাপত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা অতি কম। অৱশ্যে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ক্ৰীড়া কৰ্তৃপক্ষই ল’ব।” ইফালে, ইৰানৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ মৃত্যুৰ খবৰে দেশখনৰ পৰিস্থিতি অধিক জটিল কৰি তুলিছে। অহা ১১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া এই মেগা ইভেণ্টত এছিয়ান অৰ্হতা পৰ্যায়ৰ গ্ৰুপ ‘এ’ৰ বিজয়ী হিচাপে ইৰানে স্থান নিশ্চিত কৰিছিল। সূচী অনুসৰি ১৫ আৰু ২১ জুনত ল’ছ এঞ্জেলছত নিউজিলেণ্ড আৰু বেলজিয়ামৰ বিৰুদ্ধে ইৰানৰ খেল অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু আমেৰিকাৰ সৈতে থকা শীতল সম্পৰ্ক আৰু ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনৰ নিষেধাজ্ঞাৰ বাবে ভিছা লাভৰ পৰা আৰম্ভ কৰি অংশগ্ৰহণলৈকে প্ৰতিটো পদক্ষেপতে বাধাৰ সৃষ্টি হৈছে। ফিফাই সমগ্ৰ পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি থকা বুলি জানিবলৈ দিছে। ফিফাৰ প্রধান সচিব মাথিয়াছ গ্রাফষ্ট্রমে কয়, “ইৰানৰ পৰিস্থিতিৰ বিষয়ে আমি তথ্য লাভ কৰিছোঁ আৰু এই সন্দৰ্ভত বৈঠক অনুষ্ঠিত হৈছে। সকলো দেশেই যাতে নিৰাপদে অংশ ল’ব পাৰে, সেইয়া নিশ্চিত কৰাটো আমাৰ দায়িত্ব।” তেওঁ লগতে কয়, “আমি আয়োজক দেশসমূহৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰাখিছোঁ, যদিও বৰ্তমান বিতংভাৱে একো কোৱাৰ সময় হোৱা নাই।” যদিহে ইৰানে বিশ্বকাপৰ পৰা নাম প্ৰত্যাহাৰ কৰে, তেন্তে ফিফাৰ নিয়ম অনুসৰি সংযুক্ত আৰব আমিৰশ্বাহী অথবা ইৰাকে বিশ্বকাপত খেলাৰ সুযোগ লাভ কৰিব পাৰে। এছিয়াত সৰ্বোচ্চ ৰেংকিঙত থকাৰ পাছতো অৰ্হতা অৰ্জন কৰিব নোৱাৰা দলটোৱে ইৰানৰ বিকল্প হিচাপে স্থান পোৱাৰ সম্ভাৱনা আছে। বৰ্তমান গোলকীয় ৰাজনীতিৰ এই সংঘাতে বিশ্বৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতাখনৰ উত্তেজনা হ্ৰাস কৰিব নেকি, সেই লৈ ক্ৰীড়াপ্ৰেমীৰ মাজত ব্যাপক চৰ্চা চলিছে। Share this:FacebookX Related Post navigation শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ; বজালীত তীব্ৰ চাঞ্চল্য