বৰপেটা জিলাৰ বিভিন্ন স্থানত অবৈধ ভাবে চলাই অহা আই পি এল জুৱাৰ বিৰুদ্ধে বৰপেটা জিলাৰ আৰক্ষীয়ে কালি এক অভিযান চলাই জিলা খনৰ বিভিন্ন স্থানৰ পৰা আঠটা জুৱাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ দুই লাখ চৌৱন্ন হেজাৰ তিনিশ বিশ টকা আৰু কেবাটাওঁ মোবাইল ফোন আৰু কিছু নথি পত্ৰ জব্দ কৰে৷ জানিব পৰা মতে , বৰপেটা আৰক্ষী থানাৰ অধীনস্থ বৰপেটা জিলাৰ কমলপুৰ গাঁৱৰ বিশা মিঞাৰ পুত্ৰ আমিনুল ইছলামক আই পি এলৰ টিকট বিক্ৰী কৰা সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ ইপিনে হাউলী আৰক্ষী থানাৰ অন্তৰ্গত হালাপাকুৰি গাঁৱৰ আজাহাৰ আলীৰ পুত্ৰ জাহিদুল ইছলামক গ্ৰেপ্তাৰ কৰে ৷ জুৱাৰীটোৰ পৰা আই পি এল জুৱাৰ সংখ্যা আৰু এটা নোটবুক এটা মোবাইল ফোন আৰু নগদ টকা জব্দ কৰে ৷ আনহাতে হাউলী মৈৰামাৰা গাঁৱৰ অৰ্জুন দাসৰ পুত্ৰ মন্টু দাস ,হাউলী গাঁৱৰ সুৰেশ নাথৰ পুত্ৰ দিগন্ত নাথ ,পৰাভৰাল গাঁৱৰ বনমালী মুদৈৰ পুত্ৰ সঞ্জয় মুদৈক জুৱাৰ তথ্য পাতিৰ সৈতে গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ হোৱা কেইটাৰ পৰা ৮১,৭৫০ টকা উদ্ধাৰ কৰি জব্দ কৰে। আনহাতে বৰপেটাৰোডৰ অধীনস্থ বালাভিঠা গাঁৱৰ নুৰজামাল আলী, খালপাৰৰ মকিবুল হুছেইন গ্ৰেপ্তাৰ কৰা হয়৷ আনহাতে খৈৰাবাৰীৰ আব্দুল শোভান পাঠানৰ পুত্ৰ ইন্তাজ আলী পাঠানক গ্ৰেপ্তাৰ কৰে ৷ জুৱাৰী টোৰ পৰা মোবাইল আৰু জুৱাৰ নথিপত্ৰৰ লগতে নগদ ১,৬৯,০০০ টকা উদ্ধাৰ কৰি তেওঁৰ পৰা জব্দ কৰে। Share this:FacebookX Related Post navigation ড০ ইন্দিৰা শইকীয়াৰ”হৃদয়ৰ প্ৰাৰ্থনা” ৰ উন্মোচন মানৱ-হাতী সংঘাত প্ৰভাৱিত গাৱঁৰ মহিলাৰ বাবে আৰণ্যকৰ উদ্যোগ