ভাৰতৰ আগশাৰীৰ সম্পদ ব্যৱস্থাপনা কোম্পানীসমূহৰ ভিতৰত অন্যতম এক্সিছ মিউচুৱেল ফাণ্ডে নিজৰ নতুন পুঁজি অফাৰ-এক্সিছ বিএছই ইণ্ডিয়া ছেক্টৰ লিডাৰ্ছ ইনডেক্স ফাণ্ড মুকলি কৰিছে, যি হৈছে এক মুক্ত-অন্তৰ্ভুক্ত ইণ্ডেক্স ফাণ্ড, যি বিএছই ইণ্ডিয়া ছেক্টৰ লিডাৰ্ছ ইণ্ডেক্সৰ উপাদানসমূহত বিনিয়োগ কৰে। ২০২৬ চনৰ ২৩ জানুৱাৰীত চাবস্ক্ৰিপচনৰ বাবে মুকলি কৰা হৈছে আৰু ২০২৬ চনৰ ০৬ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব। এই ফাণ্ড পৰিচালনা কৰিব কাৰ্তিক কুমাৰ(ফাণ্ড মেনেজাৰ)-এ। নূন্যতম বিনিয়োগৰ পৰিমাণ ১০০ টকা। এই পুঁজিৰ লক্ষ্য হৈছে বিনিয়োগকাৰীক দীৰ্ঘম্যাদী সম্পদ সৃষ্টিৰে সেৱা প্ৰদান কৰা। বিএছই ৫০০ ইণ্ডেক্সৰ ২১টা খণ্ডৰ ভাৰতৰ আগশাৰীৰ কোম্পানীসমূহৰ সৈতে বিস্তৃত বজাৰৰ পৰিচয় লাভৰ বাবে বিনিয়োগকাৰীসকলক এক বিচক্ষণ উপায় আগবঢ়াবলৈ এই নতুন পুঁজিৰ ডিজাইন কৰা হৈছে। বিএছই ৫০০ ইণ্ডেক্সত প্ৰতিনিধিত্ব কৰা ২১টা খণ্ডৰ প্ৰতিটোৰ পৰা গড়ে ছমাহৰ দৈনিক মুঠ বজাৰ মূলধনৰ ভিত্তিত শীৰ্ষ তিনিটা কোম্পানীক এই পুঁজিৰ গঠনকাৰী হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব। ইয়াৰ ফলত বিনিয়োগকাৰীসকলে সমগ্ৰ ভাৰতীয় অৰ্থনীতিতে নিজৰ ডমেইনত প্ৰতিষ্ঠিত বজাৰ অগ্ৰদূতসকলৰ সৈতে যোগাযোগৰ সুবিধা লাভ কৰে। এই পুঁজিয়ে বিনিয়োগকাৰীসকলক কেৱল সূচকাংকৰ প্ৰভাৱশালী খণ্ডসমূহতে নহয়, অৰ্থনীতিৰ ক্ৰমবৰ্ধমান খণ্ডসমূহতো অৰিহণা যোগোৱাত সহায় কৰে। এক্সিছ এএমচিৰ এমডি তথা চিইঅ’ বি গোপকুমাৰে এই বিষয়ে সদৰি কৰি কয় যে,”বজাৰ বিকশিত হোৱাৰ লগে লগে বিনিয়োগকাৰীসকলে অভিনৱ বিনিয়োগ সমাধানৰ অন্বেষণ কৰিছে। এক্সিছ মিউচুৱেল ফাণ্ডত, আমি বিশ্বাস কৰোঁ যে যিবোৰ কোম্পানীয়ে নিজৰ নিজৰ খণ্ডসমূহক নেতৃত্ব দিয়ে, সেইবোৰে শক্তিশালী মৌলিক আৰু স্থিতিস্থাপকতা প্ৰদৰ্শন কৰে। এক্সিছ বিএছই ইণ্ডিয়া ছেক্টৰ লিডাৰ্ছ ইণ্ডেক্স ফাণ্ডে এক বৈচিত্ৰ্যপূৰ্ণ পৰিকাঠামোৰ জৰিয়তে নিজৰ ক্ষেত্ৰত খণ্ডৰ আগশাৰীৰ আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানসমূহক প্ৰৱেশাধিকাৰ প্ৰদান কৰে। আমি বিশ্বাস কৰো যে, এই পুঁজিয়ে বিনিয়োগকাৰীসকলক ভাৰতৰ বিকাশ-নেতৃত্বাধীন অৰ্থনীতি আৰু ভৱিষ্যতে অংশগ্ৰহণ কৰিবলৈ সুযোগ প্ৰদান কৰিব।” Share this:FacebookX Related Post navigation আজি বাথৌ পূজা টাটা এআইএ লাইফ ইনখুবেন্সে দীর্ঘম্যাদী সঞ্চয় পৰিকল্পনা ফৰ্চুন গ্যাৰাণ্টী চুপ্রিম বিশেষভাবে আকর্ষণীয় কৰি তুলিছে