অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এক গোচৰক কেন্দ্ৰ কৰি আজি তেলেংগানা উচ্চ ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াই আৰক্ষীৰ গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা বিচাৰি দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে ইয়াৰ ৰায়দান স্থগিত ৰাখে। মুখ্যমন্ত্রীৰ পত্নীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত অসম আৰক্ষীয়ে খেড়াৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল।

ন্যায়ালয়ত খেড়াৰ হৈ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে যুক্তি দৰ্শায় যে এইটো কেৱল ৰাজনৈতিক প্ৰতিশোধমূলকহে এক পদক্ষেপ। খেড়া কোনো অপৰাধী নহয় বুলি উল্লেখ কৰি সিংভীয়ে কয় যে মানহানিৰ দৰে গোচৰ এটাক লৈ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ উপৰি অসমৰ মুখ্যমন্ত্রীয়ে ৰাজ্যিক আৰক্ষীক ব্যৱহাৰ কৰি খেড়াক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে অধিবক্তাগৰাকীয়ে।

ইফালে, অসম আৰক্ষীৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই এই আবেদনৰ তীব্ৰ বিৰোধিতা কৰে। শইকীয়াই ন্যায়ালয়ক জনায় যে এইটো কেৱল মানহানিৰ গোচৰ নহয়, বৰঞ্চ ইয়াত নথি-পত্ৰ জালিয়াতিৰ দৰে গুৰুতৰ বিষয় জড়িত হৈ আছে। পৱন খেড়াই দিল্লীত আৰক্ষী উপস্থিত হোৱাৰ খবৰ পায় হায়দৰাবাদলৈ পলাই আহিছে বুলিও শইকীয়াই যুক্তি প্ৰদৰ্শন কৰে। খেড়াই অসম বা দিল্লীৰ ন্যায়ালয়লৈ নোযোৱাকৈ কিয় তেলেংগানা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে, তাক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

উল্লেখ্য যে যোৱা ৬ এপ্ৰিলত ৰিণিকি ভূঞা শৰ্মাই পৱন খেড়াৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰিছিল। খেড়াই এখন সংবাদমেলত মুখ্যমন্ত্রীৰ পত্নীৰ নামত ভুৱা পাছপোৰ্ট আৰু বিদেশত অবৈধ সম্পত্তি থকা বুলি অভিযোগ তুলিছিল। দুয়োপক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ কে সুজনাই গোচৰটোৰ ৰায়দান সংৰক্ষিত কৰি ৰাখে। এই আইনী যুঁজে এতিয়া ৰাজ্যখনৰ ৰাজনীতিতো বিশেষ চৰ্চা লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *