মণিপুৰত উগ্ৰপন্থী আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। শুকুৰবাৰে চাণ্ডেল জিলাৰ মৌলচাম আৰক্ষী থানাৰ অন্তৰ্গত খুমকোট গাঁৱত অভিযান চলাই নিৰাপত্তাৰক্ষীৰ এটা দলে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফেৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা সামগ্ৰীখিনিৰ ভিতৰত চাৰিটা চিঙ্গল ব’ৰ ৰাইফল, চাৰিটা উন্নত মানৰ ‘পম্পি’ অস্ত্ৰ, সাতটা পম্পি শ্বেল, তিনিটা গ্ৰেনেড আৰু পাঁচটা বাওফেং ৰেডিঅ’ চেট আছে। কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যৰে এই সামগ্ৰীসমূহ মজুত কৰি ৰখা হৈছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ইফালে, মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা আন এক অভিযানত বুধবাৰে চুৰাচান্দপুৰ জিলাত আটক হয় তিনিজন ড্ৰাগছ সৰবৰাহকাৰী। জিলাখনৰ সিংঙাট আৰক্ষী থানাৰ অন্তৰ্গত বলকোট অঞ্চলৰ পৰা ৫.৪৩ কিলোগ্ৰাম ওজনৰ ৪৭৪ টা চাবোনৰ বাকচ ভৰ্তি হেৰ’ইন জব্দ কৰে নিৰাপত্তা বাহিনীয়ে। ধৃত লোককেইজনক নেংমুয়ানলাল, গিনলামথাং গুইটে আৰু হাংকানলিয়ান বুলি চিনাক্ত কৰা হৈছে। সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এখন চাৰিচকীয়া বাহনৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত কোটি টকাৰ মূল্যৰ এই হেৰ’ইনখিনি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। প্ৰণিধানযোগ্য যে মণিপুৰত শান্তি আৰু শৃংখলা ঘূৰাই অনাৰ বাবে নিৰাপত্তা বাহিনীয়ে সীমান্তৱৰ্তী জিলাসমূহক বিশেষ নজৰত ৰাখিছে। চাণ্ডেল জিলাৰ অভিযানত উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ উৎস আৰু ব্যৱহাৰৰ পৰিকল্পনা সন্দৰ্ভত ইতিমধ্যে এক বিতং তদন্ত আৰম্ভ হৈছে। অন্যহাতে, চুৰাচান্দপুৰৰ ঘটনাটোত আটক হোৱা এজন সৰবৰাহকাৰী হাৰিয়ানাৰ গুৰগাঁৱৰ বাসিন্দা হোৱা বিষয়টোৱে এতিয়া এক আন্তঃৰাজ্যিক ড্ৰাগছ চক্ৰৰ দিশে আঙুলিয়াই দিছে। এই দুয়োটা ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰজু কৰি অধিক তথ্য উদ্ধাৰৰ চেষ্টা চলাইছে। Share this:FacebookX Related Post navigation তামুলপুৰ কঁপাই দিলে পথ দুৰ্ঘটনা: ট্ৰাক আৰু ট্ৰেভেলাৰৰ সংঘৰ্ষত নিশামণিৰ কৰুণ মৃত্যু নীতি আয়োগৰ উপাধ্যক্ষ হিচাপে মনোনীত অশোক লাহিড়ী; বিজ্ঞানী গোবৰ্ধন দাসকো গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কেন্দ্ৰীয় চৰকাৰৰ