ৰাষ্ট্ৰীয় ৰাজনীতিৰ মঞ্চত আমেৰিকাৰ একচ্ছত্ৰী আধিপত্য বিস্তাৰৰ চেষ্টাই ভাৰতৰ সৈতে থকা বাণিজ্যিক সম্পৰ্কত এতিয়া সৃষ্টি কৰিছে নতুন জটিলতাৰ। ভেনিজুৱেলাত সামৰিক অভিযান চলাই ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক সপত্নীক অপহৰণ কৰা কাৰ্যক লৈ বিশ্বজুৰি সমালোচনাৰ সন্মুখীন হোৱাৰ মাজতে ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ বাবে ভাৰতক লক্ষ্য কৰি লয়। ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত ৰাখিলে ভাৰতীয় সামগ্ৰীৰ ওপৰত পুনৰ শুল্ক বৃদ্ধি কৰা হ’ব বুলি ট্ৰাম্পে স্পষ্ট হুংকাৰ দিয়ে।

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক এজন সুদক্ষ ব্যক্তি আখ্যা দিলেও বাণিজ্যিক স্বাৰ্থত কোনো ধৰণৰ আপোচ নকৰাৰ ইংগিত দিয়ে। ভাৰতে আমেৰিকাৰ সৈতে বিশাল ব্যৱসায়িক সম্পৰ্ক ৰাখি ৰাছিয়াক সহায় কৰাটো গ্ৰহণযোগ্য নহয় বুলি তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। ২০২৫ চনৰ নৱেম্বৰ মাহত ভাৰতে ৰাছিয়াৰ পৰা ৭.৭ নিযুত টন তেল ক্ৰয় কৰি যোৱা ছয় মাহৰ ভিতৰত সৰ্বোচ্চ আমদানিৰ অভিলেখ গঢ়িছিল। বৰ্তমান ভাৰতৰ মুঠ তেল আমদানিৰ ৩৫ শতাংশই আহে ৰাছিয়াৰ পৰা।

আমেৰিকাৰ এনে তীব্ৰ হেঁচাৰ মাজতো ভাৰতে এক সন্তুলিত কূটনৈতিক কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে। যোৱা আগষ্ট মাহত আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ পাছতে ভাৰতেও আমেৰিকাৰ পৰা তেল ক্ৰয়ৰ পৰিমাণ বৃদ্ধি কৰে। নৱেম্বৰ মাহত আমেৰিকাৰ পৰা তেল আমদানি ২.৮ নিযুত টনলৈ বৃদ্ধি পায়, যিয়ে মাৰ্কিন তেলৰ অংশীদাৰিত্ব ১২.৬ শতাংশলৈ লৈ যায়। আমেৰিকাৰ এই নতুন ভাবুকিয়ে দুই দেশৰ বাণিজ্যিক ভৱিষ্যতক লৈ এতিয়া তীব্ৰ অনিশ্চয়তাৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *