কাইলৈ এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব গ্ৰুপ ষ্টেজৰ হাইভল্টেজ মেচখন।ইউ এ ইৰ বিৰুদ্ধে ৯ উইকেটত জয়লাভ কৰি টিম ইণ্ডিয়াই অভিযান আৰম্ভ কৰিছে। আনহাতে, পাকিস্তানে প্ৰতিযোগিতাখনত প্ৰথমখন মেচ ওমানৰ বিৰুদ্ধে জয় লাভ কৰে। এই টুৰ্ণামেণ্ট ইতিহাসত দুয়োখন দেশে ইজনে আনজনৰ বিৰুদ্ধে ১৮খন মেচ খেলিছে। ভাৰতে ১০ আৰু পাকিস্তানে ৬ খনত জয়লাভ কৰে।কিন্তু যোৱা ১০ বছৰত এই প্ৰতিদ্বন্দ্বিতা একপক্ষীয় হৈ পৰিছে, য’ত পাকিস্তানে ৭খন মেচত মাত্ৰ এবাৰহে জয়লাভ কৰিছে। ১৯৮৪ চনৰ পৰা এছিয়া কাপ অনুষ্ঠিত হৈ আছে।ভাৰত ৮ টা খিতাপ আৰু পাকিস্তানে ২ টা খিতাপ জয় কৰিছে যদিও দুয়োটা দলে কেতিয়াও ফাইনেলত মুখামুখি হ’ব পৰা নাই। ১৯৮৪ চনত প্ৰথম এছিয়া কাপ অনুষ্ঠিত হৈছিল, তেতিয়া কেৱল ভাৰত, পাকিস্তান আৰু শ্ৰীলংকাইহে অংশগ্ৰহণ কৰিছিল। শ্বাৰজাহত পাকিস্তানক ৫৪ ৰানত পৰাস্ত কৰাৰ পাছত ভাৰতে ৰাউণ্ড ৰবিন ফৰ্মেটত জয়লাভ কৰি খিতাপ দখল কৰে। তাৰ পিছত শ্ৰীলংকা ৰানাৰ্ছ আপ আৰু পাকিস্তান তৃতীয় স্থানত। ১৯৮৪ চনৰ পৰা দুয়োটা দলৰ মাজত এদিনীয়া আৰু টি-২০ এছিয়া কাপত ১৮খন খেল অনুষ্ঠিত হৈছে। ভাৰতে ৫৬ শতাংশ অৰ্থাৎ ১০ খনত জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে ৬ খন মেচত জয়লাভ কৰে। এছিয়া কাপ এদিনীয়াত ১৪ বাৰ আৰু টি-২০ ফৰ্মেটত দুবাৰ খেলিছিল। এই সময়ছোৱাত দুয়োৰে মাজত এদিনীয়া ফৰ্মেটত ১৫খন খেল অনুষ্ঠিত হয়। ভাৰতে ৮ খন আৰু পাকিস্তানে ৫ খনত জয়লাভ কৰে।এই সময়ছোৱাত ২ খন খেলো নিৰ্ণায়ক নাছিল। অৰ্থাৎ ভাৰতে পাকিস্তানক ৫৩ শতাংশ এদিনীয়া মেচত পৰাস্ত কৰিছিল। টি-২০ এছিয়া কাপত ২০১৬ চনত প্ৰথমবাৰৰ বাবে দুয়োটা দলৰ মাজত মিৰপুৰ খেলপথাৰত সংঘৰ্ষ হৈছিল। তাৰ পিছত ভাৰতে ৫ উইকেটত জয়লাভ কৰে। ২০২২ চনত ডুবাইত দুয়োৰে মাজত দুখন টি-২০ খেলিছিল। প্ৰথমখন খেলত ভাৰত আৰু দ্বিতীয়খন মেচত পাকিস্তানে ৫ উইকেটত জয়লাভ কৰে। বিগত ১০ বছৰত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ এইটোৱেই আছিল একমাত্ৰ জয়। এই সময়ছোৱাত ভাৰতে ৫ খন মেচত জয়লাভ কৰে। Share this:FacebookX Related Post navigation ৭ ফেব্ৰুৱাৰীৰ ২০২৬ৰ টি-২০ বিশ্বকাপ ! একেৰাহে দ্বিতীয়বাৰলৈ মহিলা গ্ৰেণ্ড চুইছ চেম্পিয়ন বৈশালী ৰমেশবাবু