মণিপুৰত চলি থকা নিৰাপত্তাৰক্ষীৰ বিশেষ অভিযানত পৃথক পৃথক স্থানৰ পৰা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ তিনিজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। শুকুৰবাৰে চলোৱা এই অভিযানত এনআৰএফএম আৰু ইউএনএলএফৰ পামবে গোটৰ সদস্যক কৰায়ত্ত কৰাৰ লগতে তেওঁলোকৰ পৰা মাৰণাস্ত্ৰ আৰু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয়। ৰাজ্যখনৰ ভিন ভিন জিলাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলাৰ মাজতে এই সফলতা লাভ কৰিছে আৰক্ষীয়ে।

ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা এনআৰএফএমৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰা হয়। ধৃত সদস্যজনৰ নাম নিংথৌজাম নিংথৌগাম্বা মেইটেই ওৰফে মাগাং বুলি চিনাক্ত কৰা হৈছে। চুড়াচান্দপুৰ জিলাৰ নিবাসী তথা বৰ্তমান বিষ্ণুপুৰৰ এটা সাহায্য শিবিৰত আশ্ৰয় লৈ থকা ২৭ বছৰীয়া যুৱকজনৰ পৰা এটা ম’বাইল ফোন, পাৱাৰ বেংক আৰু এটা বেগ উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে, দ্বিতীয়টো অভিযানত ইউএনএলএফৰ পামবে গোটৰ এজন সদস্যসহ তেওঁৰ এজন সহযোগীক গ্ৰেপ্তাৰ কৰা হয়। ইম্ফল পূব জিলাৰ পৰম্পাত থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা ৩৭ বছৰীয়া ৱাহেংবাম প্ৰেমকুমাৰ সিং ওৰফে ডেম্বাক নিৰাপত্তাৰক্ষীয়ে কৰায়ত্ত কৰে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত চলোৱা তালাচীত সেনজাম ৰোকেন সিং নামৰ অন্য এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা এটা ৯ এম এম পিষ্টল আৰু মেগজিন উদ্ধাৰ কৰা হয়।

ৰাজ্যখনৰ স্পৰ্শকাতৰ এলেকাসমূহত নিৰাপত্তাৰক্ষীয়ে এতিয়াও তালাচী অভিযান আৰু তহল অব্যাহত ৰাখিছে। আৰক্ষীৰ তথ্য অনুসৰি, পাহাৰ আৰু ভৈয়ামৰ বিভিন্ন জিলাত বৰ্তমান ১১৪ টা তালাচী চকীবিন্দু স্থাপন কৰা হৈছে। ইয়াৰ উপৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া ১০২ খন বাহনক নিৰাপত্তাৰক্ষীৰ পহৰাত সুৰক্ষিতভাৱে গন্তব্যস্থানলৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *