দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত কেইবাখনো অত্যাধুনিক চিকিৎসা প্ৰতিষ্ঠান মুকলি কৰি ৰাজ্যৰ চিকিৎসা খণ্ডত এক নতুন অধ্যায়ৰ সূচনা কৰে। এই উদ্যোগৰ সৈতে গৃহমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, লগতে গোলাঘাট আৰু তিনিচুকীয়া অঞ্চলৰ কেন্সাৰ কেয়াৰ চেণ্টাৰ উদ্ধোধন কৰে। তেওঁ এই পদক্ষেপক উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে গণ্য কৰে। উদ্বোধনী ভাষণত, অমিত শ্বাহে স্বাস্থ্য খণ্ডত অসমৰ অভূতপূৰ্ব পৰিৱৰ্তনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিভংগী আৰু অঙ্গীকাৰৰ প্ৰশংসা কৰে। তেওঁ কয়, “স্বাস্থ্য খণ্ডত অসমক স্বাৱলম্বী কৰাটো হিমন্ত বিশ্ব শৰ্মাৰে কাৰ্যকালৰ ভিতৰতে কৰা প্রচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়।” মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী চিন্তাৰ প্ৰসংগ সম্বোধন কৰি তেওঁ জানান যে, মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ ৰোগীসকলক চিকিৎসাৰ বাবে বাহিৰলৈ যাবলগীয়া নহ’বলৈ নিশ্চিত হ’বলৈ চাৰা বিকল্প গ্ৰহণ কৰিছে। অমিত শ্বাহে উল্লেখ কৰে যে, পূর্বত অসমৰ ৰোগীসকলে জটিল ৰোগ, যেনে কেন্সাৰৰ চিকিৎসাৰ বাবে মুম্বাই, দিল্লী অথবা চেন্নাইলৈ যোৱাৰ প্ৰয়োজন হৈছিল। কিন্তু বৰ্তমান, নতুন কেন্সাৰ চেণ্টাৰ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ ফলত, ৰোগীসকলে ঘৰৰ ওচৰতে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লাভ কৰিব পাৰে। এই নতুন চিকিৎসা প্ৰতিষ্ঠানসমূহে বিশেষকৈ কেন্সাৰ ৰোগীৰ বাবে উন্নত সেৱা নিশ্চিত কৰাৰ লগতে, ৰোগী পৰিয়ালৰ ওপৰত পৰা আৰ্থিক আৰু মানসিক বোজা বহুভাৱে লাঘৱ কৰিব। এই পদক্ষেপে অসমক সমগ্ৰ উত্তৰ-পূ্বৰ স্বাস্থ্য সেৱাৰ কেন্ত্ৰবিন্দু হিচাপে গঢ়ি তুলিব বুলি গৃহমন্ত্ৰী মত প্ৰকাশ কৰে। Share this:FacebookX Related Post navigation প্ৰধানমন্ত্ৰীৰ বিদায়, অসমত এইবাৰ উপস্থিত গৃহমন্ত্ৰী অমত শ্বাহ গুৱাহাটীত অমিত শ্বাহৰ অভিযোগ— অসমৰ স্বাস্থ্য বাজেটৰ ১৫০ কোটি টকা লুটিছিল কংগ্ৰেছে