এআইইউডিএফৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব আছাদুদ্দিন ওৱেইছি। নতুন দিল্লীত আজমল পুত্ৰৰ সৈতে বৈঠকৰ পাছতে এআইইউডিএফৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে এআইএমআইএমৰ মুৰব্বী তথা সাংসদ ওৱেইছিয়ে। অসমৰ ৰাজনৈতিক ক্ষেত্ৰত আছাদুদ্দিন ওৱেইছিৰ এনে পৰোক্ষ প্ৰৱেশক লৈ ইতিমধ্যে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সাংসদ ওৱেইছিয়ে জনোৱা মতে, বদৰুদ্দিন আজমলৰ অনুৰোধৰ পাছতেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বদৰুদ্দিন আজমলৰ পুত্ৰ তথা প্ৰাক্তন বিধায়ক আব্দুল ৰহমান আজমলে দিল্লীস্থিত তেওঁৰ বাসগৃহত সাক্ষাৎ কৰাৰ পাছত সমগ্ৰ বিষয়টো চূড়ান্ত কৰা হয়। ইয়াৰ উপৰিও তেওঁ আজমলৰ সৈতেও টেলিফোনত আলোচনা কৰি নিৰ্বাচনী কৌশল নিৰ্ধাৰণ কৰিছে। এআইইউডিএফৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ওৱেইছি অহা ২ আৰু ৩ এপ্ৰিলত গুৱাহাটীত উপস্থিত হ’ব। এই ভ্ৰমণকালত তেওঁ কেইবাখনো জনসভাত সম্বোধন কৰাৰ কাৰ্যসূচী থকা বুলি জানিব পৰা গৈছে। পূব ভাৰতত নিজৰ ৰাজনৈতিক স্থিতি সবল কৰাৰ লক্ষ্যৰে ওৱেইছিয়ে পশ্চিমবংগতো হুমায়ুন কবীৰৰ আম জনতা উন্নয়ন পাৰ্টিৰ সৈতে মিত্ৰতা স্থাপন কৰিছে। অহা ৯ এপ্ৰিলত অসমৰ ১২৬ খন আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত ওৱেইছিৰ এই পদক্ষেপে সংখ্যালঘু ভোটৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাব বুলি চৰ্চা চলিছে। আনহাতে পশ্চিমবংগতো দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৪ মে’ত দুয়োখন ৰাজ্যৰে নিৰ্বাচনী ফলাফল ঘোষণা কৰিব নিৰ্বাচন আয়োগে। Share this:FacebookX Related Post navigation বিপদসংকুল হৰমুজ পথ পাৰ হৈ গুজৰাটৰ কাণ্ডলাত ‘জাগ বসন্ত’ৰ আগমন ৰেন’ ডাষ্টাৰ টাৰ্বো ১৬০-এ প্ৰদান কৰে ১৮.৪৫ কিলোমিটাৰ/লিটাৰ মাইলেজ