মণিপুৰ আৰক্ষী আৰু নিৰাপত্তা সংস্থাই ৰাজ্যজুৰি অব্যাহত থকা উগ্ৰপন্থী বিৰোধী অভিযানৰ অংশ হিচাপে সফলতা লাভ কৰিছে। ভাৰত-ম্যানমাৰ সীমান্তত চলোৱা এক সমন্বিত অভিযানৰ ফলত ২৬ জন কেডাৰসহ উল্লেখযোগ্য অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছে। গতোৱা ২৩ মাৰ্চত টেংনৌপাল জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা নিষিদ্ধ প্ৰিপাক গোটৰ ১০ জন কেডাৰক আটক কৰা হৈছে, যাৰ মাজত পাঁচগৰাকী নাবালক উগ্ৰপন্থী আছে। আগৰ দিন, ২২ মাৰ্চত থৌবাল জিলাৰ হংখং অঞ্চলৰ পৰা নিষিদ্ধ ইউ এন এল এফ (কে) গোটৰ ১৪ সদস্যক গ্ৰেপ্তাৰ কৰা হয়। ধৃত উগ্ৰপন্থীসকলৰ পৰা দুটা ইনকাছ ৰাইফল, ১৩ টা মেগজিন, ১০০ জাই সজীৱ গুলী, এক লাখ টকাৰ নগদ ধন, ১২ টা ম’বাইল ফোন আৰু চাৰিখন চাৰিচকীয়া বাহন জব্দ হৈছে। লগতে, ইম্ফল পূব আৰু বিষ্ণুপুৰ জিলাৰ পৰা কে চি পি আৰু কে ৱাই কে এল গোটৰ আন ৩ জন দুৰ্ধৰ্ষ কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে। সীমান্তৱৰ্তী অঞ্চলসমূহত আইন-শৃংখলা উন্নত ৰাখিবলৈ নিরাপত্তা বাহিনী সতৰ্কতা অবলম্বন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *