অসম চৰকাৰে আকাশীপথৰ পৰিসৰ বৃদ্ধি আৰু পৰ্যটন খণ্ডক গতিশীল কৰাৰ লক্ষ্যৰে এক নতুন মঞ্চ লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত, ৰাজ্যৰ ৫ টাকৈ গুৰুত্বপূৰ্ণ স্থানত গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণৰ প্ৰাক-সম্ভাৱনীয়তা অধ্যয়নৰ বাবে ভাৰতীয় বিমান প্ৰাধিকৰণৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰত হৈছে। প্ৰস্তাৱিত বিমানবন্দৰসমূহকে মানস ৰাষ্ট্ৰীয় উদ্যান, উমৰাংছ’, মাজুলী, ডিফু আৰু চৰাইদেউত স্থাপন কৰাৰ পরিকল্পনা কৰা হৈছে।

মুখ্যমন্ত্ৰী, বিমান প্ৰাধিকৰণক ধন্যবাদ জনাই এনে পদক্ষেপৰ কৌশলগত আৰু নিৰাপত্তাৰ দিশৰ গুৰুত্ব আৰু অঞ্চলৰ বন্যপ্ৰাণী পৰ্যটনক উৎসাহিত কৰাৰ ওপৰত জোৰ দিয়ে। ইয়াৰ লগতে, মাজুলী, উমৰাংছ’, ডিফু আৰু চৰাইদেউৰ দৰে স্থানত নতুন বিমানসেৱাই আঞ্চলিক যোগাযোগ বৃদ্ধি আৰু স্থানীয় অৰ্থনীতিৰ উন্নয়নক সহায় কৰিব বুলি উল্লেখ কৰে।

তেওঁ আশা প্ৰকাশ কৰে যে এই উন্নয়নমূলক প্ৰকল্পসমূহ অসমক দেশৰ বাবে এক আৰ্হি হিচাপে গঢ়ি তুলিব। অনুষ্ঠানৰ সময়ছোৱাত, মুখ্যমন্ত্ৰী শিলিগুৰি কৰিডৰৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰি ৰূপসী বিমানবন্দৰক এক পূৰ্ণাংগ বিমানবন্দৰলৈ উন্নীত কৰিবলৈ অনুৰোধ কৰে। লগতে, গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ বৃদ্ধিৰ গুৰুত্বৰ ওপৰতো মনোযোগ দিয়ে, অসমক দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ বাবে এক মুখ্য দুৱাৰ হিচাপে প্ৰতিষ্ঠা কৰিব ইচ্ছা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *