ৰাজ্যত চলি থকা বিধানসভা নিৰ্বাচনৰ উখল-মাখলৰ মাজতে আজি গুৱাহাটীৰ দক্ষিণগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে গৰিমা গাৰ্গে। প্ৰয়াত জুবিন গাৰ্গৰ পত্নীগৰাকীয়ে আজি কেন্দ্ৰটোত উপস্থিত হৈ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰে। নিৰ্বাচনৰ এই গুৰুত্বপূৰ্ণ ক্ষণত তেওঁৰ সৈতে পৰিয়ালৰ আন সদস্যসকলো উপস্থিত থাকে।

ভোটদানৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত গৰিমা গাৰ্গে কয় যে পূৰ্বৰ নিৰ্বাচনসমূহত তেওঁ সদায় জুবিন গাৰ্গৰ সৈতে একেলগে ভোট দিবলৈ আহিছিল। এইবাৰ শিল্পীগৰাকীৰ অনুপস্থিতিত অকলশৰেই ভোটকেন্দ্ৰলৈ আহিবলগীয়া হোৱা কথাটোৱে তেওঁক আবেগিক কৰি তোলাৰ লগতে এক শূন্যতাৰো সৃষ্টি কৰিছে। বৰ্তমানৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোৱে যাতে ৰাইজৰ প্ৰকৃত ইচ্ছাৰ প্ৰতিফলন ঘটাই সকলোৰে বাবে ন্যায় সুনিশ্চিত কৰে, তেওঁ তাৰেই আশা প্ৰকাশ কৰে।

ইফালে, জুবিন গাৰ্গৰ ভগ্নীয়েও গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সময়ত ভোটাৰসকলক সজাগ আৰু দায়িত্বশীল হ’বলৈ আহ্বান জনায়। তেওঁ কয়, “প্ৰতিগৰাকী ব্যক্তিয়ে নিজে কি কৰিছে সেই বিষয়ে সতৰ্ক আৰু সচেতন হোৱা উচিত। যদি আপোনালোকে নিজৰ পছন্দৰ এখন ভাল চৰকাৰ বিচাৰে, তেন্তে অতি সাৱধানে ভোটদান কৰিব লাগিব।”

মহানগৰীৰ বিভিন্ন প্ৰান্তত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থকাৰ লগতে গণতন্ত্ৰৰ এই উৎসৱত ভোটাৰসকলে অতি উৎসাহেৰে অংশগ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *