মঙলবাৰে চি আই ডি কাৰ্যালয়ত হাজিৰ হয় বিশিষ্ট ড° ৰীতা চৌধুৰী।  বিশিষ্ট সাহিত্যিক গৰাকীৰ সৈতে হোৱা জুবিন গাৰ্গৰ সাক্ষ্যাৎকাৰটো জুবিনৰ অন্তিম সাক্ষ্যৎকাৰ আছিল । য’ত জুবিন গাৰ্গে জীৱনৰ অকথিত কথা কৈছিল । সেই সাক্ষাৎকাৰটো সন্দৰ্ভতে ড° ৰীতা চৌধুৰীৰ আজি ভাষ্য গ্ৰহণ কৰে এছ আই টিয়ে। এছ আই টিৰ পৰা ওলাই আহি আহি তেওঁ  কয় , “মই যদি আগতেই গম পালোহেঁতেন মই জুবিনক ছিংগাপুৰ যাবলৈ নিদিলোহেঁতেন। ছিংগাপুৰ লৈ যোৱাৰ কথা মই আগতে গম পোৱা নাছিলো। তাৰ গাত জ্বৰ আছিল ৷ সাক্ষাৎকাৰৰ শেষত যেতিয়া মোক আঁকোৱালি হৈছিল তেতিয়া সি  কঁপি আছিল ।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *