অসমৰ খিলঞ্জীয়াৰ পৰিচয় আৰু সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ সংগ্ৰামক সাম্প্ৰদায়িকতাৰ সৈতে তুলনা কৰিব নোৱাৰি বুলি আজি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। “মিঞা মুছলমান” সন্দৰ্ভত তেওঁ কৰা মন্তব্যক লৈ সৃষ্টি হোৱা তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ মাজতে শনিবাৰে মহাত্মা গান্ধীৰ প্ৰসংগ টানি আনি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ স্থিতিৰ সপক্ষে যুক্তি দৰ্শায়। মহাত্মা গান্ধীৰ আজোনাতি তুষাৰ গান্ধীয়ে কৰা সমালোচনাৰ উত্তৰ দি তেওঁ দাবী কৰে যে যদি আজি বাপু জীয়াই থাকিলহেঁতেন, তেন্তে তেওঁ অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে অসমীয়া মানুহৰ পক্ষতে থিয় দিলেহেঁতেন। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে, “যদি বাপু জীয়াই থাকিলহেঁতেন, তেন্তে তেওঁ অসমীয়া মানুহৰ সৈতে থিয় দিলেহেঁতেন। ইতিহাসত গান্ধীৰ ভূমিকাই প্ৰমাণ কৰে যে তেওঁৰ বাবেই অসম পাকিস্তানৰ অংশ হোৱাৰ পৰা বাচিছিল। অবৈধ অনুপ্ৰৱেশৰ বিৰোধিতা কৰাটো ঘৃণা নহয়- ই অসমীয়াৰ অধিকাৰ, পৰিচয় আৰু ভৱিষ্যত সুৰক্ষাৰহে এক প্ৰচেষ্টা।” তুষাৰ গান্ধীয়ে মুখ্যমন্ত্ৰীক পদৰ পৰা আঁতৰোৱাৰ প্ৰসংগত কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি তেওঁ লগতে কয়, “গণতন্ত্ৰত চৰকাৰ নিৰ্বাচনৰ জৰিয়তেহে সলনি হয়, কোনো ভাবুকিৰ দ্বাৰা নহয়।” উল্লেখ্য যে, তুষাৰ গান্ধীয়ে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ মন্তব্যক গান্ধীৰ আদৰ্শৰ পৰিপন্থী বুলি সমালোচনা কৰিছিল। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী শৰ্মাই উচ্চতম ন্যায়ালয়ৰ ২০০৫ চনৰ সৰ্বানন্দ সোণোৱাল গোচৰৰ পৰ্যবেক্ষণৰ উদ্ধৃতি দি কয়, “যিসকলে মোক আক্ৰমণ কৰিছে তেওঁলোকে উচ্চতম ন্যায়ালয়ে অসমৰ বিষয়ে কি কৈছে সেয়া পঢ়া উচিত। এয়া মোৰ ভাষা বা কল্পনা নহয়।” তেওঁ অসমত চলি থকা জনগাঁথনিৰ পৰিৱৰ্তনৰ বিষয়টোক এক মৌন আক্ৰমণ বুলিহে অভিহিত কৰে। অৱশ্যে মুখ্যমন্ত্ৰীৰ এই স্থিতিক তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। গগৈয়ে মুখ্যমন্ত্ৰীক লক্ষ্য কৰি কয়, “অসততা আৰু নিৰ্লজ্জতাই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিক সংজ্ঞায়িত কৰে। তেওঁ মহামান্য উচ্চতম ন্যায়ালয়ৰ নাম অপব্যৱহাৰ কৰিছে। তেওঁ যি ভাষা উদ্ধৃত কৰিছে সেয়া ন্যায়ালয়ৰ নিজা নহয়।” এইদৰে মহাত্মা গান্ধী আৰু উচ্চতম ন্যায়ালয়ক কেন্দ্ৰ কৰি ৰাজ্যৰ শাসক-বিৰোধীৰ মাজত বাকযুদ্ধই এতিয়া চৰম পৰ্যায় পাইছে। Share this:FacebookX Related Post navigation বিহুৰ পূৰ্বেই ৰাজ্যত বিধানসভা নিৰ্বাচনঃ ঘোষণাৰ বাবে সাজু নিৰ্বাচন আয়োগ বিজেপি-আগপৰ মাজত নাই কোনো প্ৰভেদঃ মিত্ৰজোঁটৰ অভিন্ন লক্ষ্যক লৈ ডিমৰীয়াত হিমন্তৰ ঘোষণা