ছুইডিছ একাডেমীয়ে বৃহস্পতিবাৰে ঘোষণা কৰে ২০২৫ বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা প্ৰাপকৰ নাম। হাংগেৰীৰ লেখক লাছলো ক্ৰাছনাহৰকাইক প্ৰদান কৰা হৈছে সাহিত্যৰ ন’বেল। ছুইডিছ একাডেমীয়ে কয় যে লাছলোৰ ৰচনাসমূহ গভীৰভাৱে প্ৰভাৱশালী আৰু দূৰদৰ্শী। পৃথিৱীৰ আতংক আৰু ভয়ৰ মাজতো তেওঁ শিল্পৰ শক্তি প্ৰদৰ্শন কৰে। লাছলোৱে লাভ কৰিব ১ কোটি ১০ লাখ ছুইডিছ ক্ৰ’না (১০.৩ কোটি টকা), এটা সোণৰ পদক আৰু এটা প্ৰমাণপত্ৰ। ১০ ডিচেম্বৰত ষ্টকহ’মত প্ৰদান কৰা হ’ব এই বঁটা। তেওঁ ২০১৫ চনত মেন বুকাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু ২০১৯ চনত অনুবাদ সাহিত্যৰ ৰাষ্ট্ৰীয় কিতাপ বঁটা লাভ কৰিছিল। তেওঁৰ বিখ্যাত গ্ৰন্থ ছাটান্টাংগোক, যাক লৈ সাত ঘণ্টীয়া ছবি নিৰ্মাণ কৰা হৈছে। উল্লেখ্য যে লাছলো হাংগেৰীৰ অন্যতম সন্মানীয় সমসাময়িক লেখক। তেওঁৰ গ্ৰন্থসমূহ প্ৰায়ে দাৰ্শনিক, মানৱতা, বিশৃংখলতা, আধুনিক সমাজৰ সংকটৰ সন্ধান কৰা। লাছলোই গভীৰভাৱে চিন্তা-উদ্দীপক, বিষাদগ্ৰস্ত কাহিনী লিখে। ১৯৮৫ চনত প্ৰকাশিত তেওঁৰ আটাইতকৈ বিখ্যাত গ্ৰন্থখন হৈছে “Sátántangó”।১৯৯৪ চনত এই গ্ৰন্থখনক সাত ঘণ্টীয়া ছবিলৈ ৰূপান্তৰিত কৰা হয়, যাৰ নামো “Sátántangó”। ইয়াক এতিয়ালৈকে নিৰ্মিত আৰ্টহাউছ ছবিসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। Share this:FacebookX Related Post navigation ৰঙাঘৰলৈ তামাৰহাট থানাৰ আৰক্ষী বিষয়া কপিল বৰা মাৰিয়া ক’ৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা