উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ শালিমলাৰ গাৰ্ডেন কলনীত তৰোৱাল বিতৰণ কৰা আৰু সাম্প্ৰদায়িক শ্লোগান দিয়াৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হিন্দু ৰক্ষা দলৰ ৬ গৰাকী সদস্যক। অভিযোগ অনুসৰি, অভিযুক্তসকলে অঞ্চলটোত ঘৰে ঘৰে গৈ তৰোৱাল বিতৰণ কৰাৰ লগতে মুছলমান বিৰোধী শ্লোগান দি এক সমদল উলিয়াইছিল। এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে দলটোৰ সভাপতি ভূপেন্দ্ৰ চৌধুৰী ওৰফে ‘পিংকী’সহ ১৭ জন বিষয়ববীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আৰক্ষী উপায়ুক্ত (ট্ৰেন্স হিন্দন) নিমিষ পাটিলে জনোৱা মতে, ভাৰতীয় ন্যায় সংহিতাৰ ১৯১(২), ১৯১(৩) আৰু ১২৭(২) ধাৰাৰ অধীনত হিংসাত্মক ঘটনাৰ সৃষ্টি কৰা আৰু মাৰাত্মক অস্ত্ৰ ৰখাৰ অভিযোগত এই গোচৰ পঞ্জীয়ন কৰা হৈছে। বৰ্তমান দলটোৰ সভাপতি ভূপেন্দ্ৰ চৌধুৰী পলাতক হৈ আছে আৰু আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। উল্লেখ্য যে উক্ত সমদলত দুই ডজনতকৈও অধিক অচিনাক্ত সদস্যই অংশগ্ৰহণ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। পলাতক অৱস্থাতে ভূপেন্দ্ৰ চৌধুৰীয়ে এটা ভিডিঅ’ মুকলি কৰি দাবী কৰে যে তেওঁলোকে ২৫০ খন তৰোৱাল বিতৰণ কৰিছে। তেওঁ অভিযোগ কৰে যে হিন্দু পৰিয়াল আৰু মহিলাৰ সুৰক্ষাৰ বাবেহে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ভিডিঅ’টোত তেওঁ বাংলাদেশৰ হিন্দুসকলৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি ভাৰতত তেনে পৰিৱেশ হ’বলৈ দিয়া নহয় বুলিও মন্তব্য কৰে। অঞ্চলটোৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত আৰক্ষীয়ে তীব্ৰ নজৰ ৰাখিছে। আৰক্ষী উপায়ুক্তগৰাকীয়ে স্পষ্টকৈ কয় যে কোনো সংগঠনকে সামাজিক সম্প্ৰীতি আৰু শান্তি বিঘ্নিত কৰিবলৈ দিয়া নহয়। বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি শ্বহীদ নগৰ আৰু পাছাণ্ডা গাঁৱৰ দৰে সংখ্যালঘু অধ্যুষিত ওচৰ-চুবুৰীয়া অঞ্চলসমূহতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। Share this:FacebookX Related Post navigation আহি আছে সংকট! ২০৫০ চনৰ ভিতৰত গলি শেষ হ’ব বিশ্বৰ আধা সংখ্যক হিমবাহ পিতৃৰ মুক্তি স্থগিত থাকিল, কন্যা ঐশ্বৰ্যৰ আৱেগিক প্ৰতিক্ৰিয়া