হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত এক উখল-মাখল পৰিৱেশৰ মাজত শুকুৰবাৰে জালুকবাৰী সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কামৰূপ (মহানগৰ) জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁ নিজৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ লক্ষ্যৰে এই নিৰ্বাচনী যুঁজৰ আনুষ্ঠানিক পাতনি মেলে। অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এই শক্তি প্ৰদৰ্শনে স্বাভাৱিকতে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।

মনোনয়ন দাখিল কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসমীয়াৰ পৰিচয় সুৰক্ষিত কৰা আৰু দ্ৰুত উন্নয়ন নিশ্চিত কৰাই আমাৰ মূল লক্ষ্য। এয়া মোৰ সপ্তমটো নিৰ্বাচন আৰু অসমৰ ৰাইজৰ পূৰ্ণ সমৰ্থন লাভ কৰিম বুলি মই দৃঢ় নিশ্চিত।”

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ব্যক্তিগত আক্ৰমণৰ প্ৰত্যুত্তৰ দি তেওঁ কয়, “বিৰোধীৰ এনে মন্তব্যই প্ৰমাণ কৰে যে মই এতিয়া এজন ব্যক্তিয়েই নহয় বৰঞ্চ এটা অনুষ্ঠানত পৰিণত হৈছোঁ।” লগতে তেওঁ সকলো হিন্দু লোকক একগোট কৰি বিজেপিৰ ছত্ৰছায়াত অনাটোৱেই তেওঁৰ মূল লক্ষ্য বুলি মন্তব্য কৰে।

প্ৰায় দুই দশক ধৰি জালুকবাৰীৰ বিধায়ক হিচাপে থকা হিমন্ত বিশ্ব শৰ্মাই ২০০১ চনত কংগ্ৰেছৰ পৰা ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল আৰু ২০১৬ চনত বিজেপিত যোগদান কৰিছিল। তেওঁৰ পত্নী ৰিনিকি ভূঞা শৰ্মাইও অসমত হোৱা পৰিৱৰ্তনৰ ধাৰা দেখি ৰাইজে বিজেপিক বৃহৎ সংখ্যাগৰিষ্ঠতাৰে পুনৰ জয়ী কৰাব বুলি আশা প্ৰকাশ কৰে। অহা ৪ মে’ত হ’বলগীয়া ভোটগণনাৰ অন্ততহে স্পষ্ট হ’ব জালুকবাৰীসহ সমগ্ৰ অসমৰ নিৰ্বাচনী ফলাফল।

Leave a Reply

Your email address will not be published. Required fields are marked *