এখন কাঠৰ দলঙে উদঙাইছে চৰকাৰৰ উন্নয়ণৰ প্ৰকৃত স্বৰূপ। স্থানীয় লোকে ব্যক্ত কৰা মতে,বকো সমষ্টিৰ হেকৰাৰ পৰা দলগাঁও হৈ পূৰ্বৰ দুধনৈ সমষ্টিৰ পদুপাৰালৈ যোৱা একমাত্ৰ পথটোৰ অৱস্থা অতিকৈ বিধ্বস্ত। বাৰিষাৰ সময়ছোৱাত ব্যস্ত পথটোৰে খোজকাঢ়ি অহা যোৱা কৰাটোও বিপজ্জনক হৈ পৰে৷বৰ্ষাকালত একাঁঠু পৰ্যন্ত বোকাময় হৈ পৰা পথেৰেই দুয়োটা সমষ্টিৰ প্ৰায় ৮-১০ খন গাঁওৰ কেইবা সহস্ৰাধিক লোকৰ লগতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী সকলে অতি কষ্টৰে যাতায়াত কৰিব লগীয়া হয়৷ প্ৰায় ১৫-২০ বছৰ ধৰি পথটো এনে কদৰ্যময় অৱস্থা হৈ থকাৰ উপৰিও দলাগাঁওৰ মৰা নদীৰ ওপৰত থকা এখন জৰাজীৰ্ণ কাঠৰ দলঙে অঞ্চলবাসীৰ যাতায়াত অধিক বিপজ্জনক কৰি তুলিছে।স্থানীয় লোকৰ মতে,বহু বছৰ পূৰ্বে দলাগাঁওৰ মৰা নদীৰ ওপৰত এখন কাঠৰ দলং নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰিছিল৷যদিও শেহতীয়াকৈ দলংখন বিধ্বস্ত হৈ পৰিছে৷ জানিব পৰা মতে ২০১৬-১৭ বৰ্ষত ৰাজ্যিক দুৰ্যোগ প্ৰশমন আঁচনিৰ পুঁজিৰে দলংখন মেৰামতি কৰা হৈছিল যদিও সম্প্ৰতি কাঠৰ দলংখন পুনৰ শোচনীয় হৈ পৰিছে। এনে পৰিস্থিতিত ৰোগী,গৰ্ভৱতী ও প্ৰসূতি মহিলাক লৈ দৈনিক বিপদৰ সন্মুখীন হব লগীয়া হৈছে অঞ্চলবাসীয়ে৷আনকি স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লৈ দুঃচিন্তাত দিন পাৰ কৰিব লগীয়া হয় অভিভাৱক সকলে। জৰাজীৰ্ণ দলংখন মেৰামতি কৰি যাতায়াত সুচল কৰাৰ লগতে দলংখন পকীকৰণ কৰিবলৈ ৰাইজে স্থানীয় বিধায়ক নন্দিতা দাসক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো গুৰুত্বাৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক নন্দিতা দাসৰ বিৰুদ্ধে৷ স্হানীয় ৰাইজে মৰা নদীৰ ওপৰত থকা দলংখন পকীকৰণৰ লগতে হেকৰাৰ পৰা দলাগাঁও হৈ পদুপাৰালৈ যোৱা পথটোও পকীকৰণ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাক দাবী জনাইছে৷ Share this:FacebookX Related Post navigation ২০৫০ চনলৈ পুৰুষৰ গড় আয়ুস ৭৫,মহিলাৰ ৮০ বছৰলৈ বৃদ্ধিৰ সম্ভাৱনা উত্তৰ প্ৰদেশত প্ৰচণ্ড গৰমৰ ফলত ১৬২ জনৰ মৃত্যু