প্ৰতিগৰাকী অসমীয়াৰে মান ধনিয়াৰ সৈতে এটি বিশেষ সম্পৰ্ক আছে, ই কেৱল খাবলৈ সোৱাদযুক্ত তথা ইয়াৰ গোন্ধ ধুনীয়া হোৱাই নহয় ই আমাৰ স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী।হয় এবিধ উৎকৃষ্ট বনৌষধি গুণেৰে সমৃদ্ধ মচলা জাতীয় ভেষজ হৈছে মান ধনিয়া যাক ইংৰাজীত Culantro বুলি কোৱা হয় ৷ ই কেৱল খাবলৈ সোৱাদযুক্ত হোৱাই নহয় ইয়াৰ বহু স্বাস্থ্য উপকাৰিতাও আছে ৷ সেয়ে আজি প্ৰতিবেদনৰ জৰিয়তে মান ধনিয়াৰ স্বাস্থ্য সম্পৰ্কীয় কিছু উপকাৰিতাৰ বিষয়ে জানি লওক।
ভাৰতত এই ভেষজ বেছিভাগ উত্তৰ-পূব অংশত পোৱা যায় য’ত ছিকিম, মণিপুৰ, অসম, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা অন্তৰ্ভূক্ত আছে ৷যদি আপোনাৰ মুখৰ পৰা বেয়া দুৰ্গন্ধ ওলায় তেন্তে উশাহৰ দুৰ্গন্ধৰ বাবে মান ধনিয়াৰ ব্যৱহাৰ কৰিলে সুফল পাব।লগতে প্ৰত্যেকবাৰ আহাৰৰ পিছত সতেজ পাত চোবাওক যাতে ছালফাৰ যৌগৰ প্ৰভাৱ নাইকিয়া হয় যি হৈছে উশাহৰ দুৰ্গন্ধৰ প্ৰকৃত কাৰণ ৷জানিব পৰা মতে মান ধনীয়াই হাপানীৰ স্থিতি আৰোগ্য কৰাত সহায় কৰে যথেষ্ট পৰিমাণে।মান ধনিয়া নিয়মীয়াকৈ গ্ৰহণ কৰিলে মানৱ শৰীৰত বিষাক্ত পদাৰ্থৰ প্ৰতিক্ৰিয়া হ্ৰাস কৰাত সহায় কৰে মুখ্যতঃ ভিটামিন বি২-ৰ উপস্থিতিৰ বাবে যি শৰীৰত যকৃতৰ কাৰ্যত সহায় কৰে ৷যথেষ্ট পৰিমাণৰ লো, প্ৰ’টিন, কেলচিয়াম, ভিটামিন A,B,C আৰু কেৰোটিন থকাৰ বাবে মান ধনিয়া এক স্বাস্থ্যকৰ ভেষজ হিচাপে ব্যৱহাৰ কৰা হয় ৷এক অধ্যয়নত,পোহৰলৈ আহিছে যে মান ধনিয়াই Vascular বা হৃদৰোগৰ তীব্ৰ স্তৰত প্ৰদাহ হ্ৰাস দেখুৱাইছে ৷ ই ৰক্ত নলীৰ পৰা ওলাই অহা প্ৰ’টিন সমৃদ্ধ তৰলৰ ফলত হোৱা প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *