প্ৰকৃতিয়ে আমাক এনে বহু ঔষধি উদ্ভিদ উপহাৰ দিছে, যিয়ে সুস্থ শৰীৰ বজাই ৰখাত আমাক সহায় কৰে। প্ৰকৃতিৰ এনে এক উপহাৰ হৈছে দেবদাৰু গছ, এবিধ অনন্য আৰু উপকাৰী উদ্ভিদ।দেৱদাৰু এক চিৰসেউজীয়া, ঔষধি আৰু সুন্দৰ গছ, যাৰ কাঠ অতি টান আৰু নিৰ্মাণ কাৰ্যত উপযোগী। ই শ্বাসকষ্ট, এলাৰ্জি আৰু ছালৰ সমস্যা দূৰ কৰাৰ লগতে মহিলাৰ মাহেকীয়াৰ বিষ আৰু অনিয়মিত সমস্যাৰ বাবেও উপকাৰী। ইয়াৰ বাহিৰেও, ইয়াৰ গঠনৰ বাবে বাগিচা আৰু পদূলিৰ সৌন্দৰ্য বৰ্ধনৰ বাবেও ৰোৱা হয়।
দেৱদাৰু গছৰ প্ৰধান উপকাৰিতাসমূহ —
ঔষধি গুণ:
শ্বাসকষ্ট দূৰীকৰণ: দেৱদাৰুৰ তেল বা ছালৰ ব্যৱহাৰে হাঁপানি, ব্ৰঙ্কাইটিছ আৰু কাহৰ দৰে সমস্যাত বাষ্প শ্বাস-প্ৰশ্বাসৰ জৰিয়তে আৰাম প্ৰদান কৰে।
ছালৰ যতন: ইয়াৰ ছালৰ এণ্টিচেপটিক গুণ আছে, যি চৰ্মৰোগ, একজিমা, ব্রণ আৰু ঘাঁ আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।
মহিলাৰ স্বাস্থ্য: আয়ুৰ্বেদ অনুসৰি, দেৱদাৰুৰ ব্যৱহাৰে ঋতুস্ৰাৱৰ সময়ৰ তীব্ৰ বিষ, অনিয়মিত মাহেকীয়া বা অত্যধিক ৰক্তক্ষৰণৰ সমস্যা দূৰ কৰাত সহায় কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *