পিঁয়াজ হৈছে এনে এক পাচলি, যাক সমগ্ৰ বিশ্বজুৰি ৰন্ধনৰ বাবে ব্যৱহাৰ কৰা হয়। খাদ্য সামগ্ৰী হিচাপে পিঁয়াজ সুস্বাদু ব্যঞ্জন, আচাৰ তৈয়াৰ কৰিবলৈ, চছ বা চাটনিত সক্ৰিয় উপাদান হিচাপে কাম কৰিবলৈ ব্যৱহাৰ কৰা হয়।কেঁচা পিয়াজত এণ্টিঅক্সিডেণ্ট, ফাইবাৰ, কুইৰচেটিন আৰু ছালফাৰ যৌগ থাকে, যি শৰীৰৰ বাবে উপকাৰী। ই হৃদৰোগ, ডায়েবেটিচ, আৰু কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে, হজম উন্নত কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰৰ পৰা বেয়া কলেষ্টেৰল আঁতৰ কৰাত সহায় কৰে। কেঁচা পিয়াজৰ স্বাস্থ্য উপকাৰিতাহৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে: কেঁচা পিয়াজত থকা কুইৰচেটিন আৰু ছালফাৰ যৌগবোৰে ৰক্তচাপ হ্ৰাস কৰে, প্ৰদাহ কমায় আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাৰ ফলত হৃদযন্ত্ৰ সুস্থ থাকে।কৰ্কট ৰোগ প্ৰতিৰোধ কৰে: পিয়াজত থকা কুইৰচেটিন আৰু এন্থোচায়ানিন নামৰ এণ্টিঅক্সিডেণ্টবোৰে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।হজম শক্তি বৃদ্ধি কৰে: কেঁচা পিয়াজত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যিয়ে কোষ্ঠকাঠিন্য আঁতৰ কৰে আৰু পেট চাফা কৰে, ফলত হজম শক্তি উন্নত হয়।ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে: কেঁচা পিয়াজত থকা এণ্টিঅক্সিডেণ্ট আৰু আন উপকাৰী উপাদানবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।ডায়েবেটিচ নিয়ন্ত্ৰণত সহায়ক: নিয়মীয়াকৈ কেঁচা পিয়াজ খালে ডায়েবেটিচৰ আশংকা হ্ৰাস কৰিব পাৰি।চকুৰ স্বাস্থ্য উন্নত কৰে: কেঁচা পিয়াজে গ্লুটাথিয়ন উৎপাদনত সহায় কৰে, যিয়ে মেকুলাৰ ডিজেনাৰেচন, ছানি (cataract) আৰু গ্লুকোমা হোৱাৰ আশংকা হ্ৰাস কৰে। Share this:FacebookX Related Post navigation পৰ্যটকৰ বাবে মুকলি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মেদাণ্ট হাস্পতাল গুৰগাঁৱৰ বিশেষজ্ঞতাৰে লাভ কৰিলে বিশ্বমানৰ কিডনী ট্ৰান্সপ্লাণ্ট সেৱা