অসমীয়া খাদ্য ব্যঞ্জনত তেজপাত এক অপৰিহাৰ্য অংগ বুলি ক’লেও বঢ়াই কোৱা নহ’ব। ৰাতিপুৱাৰ ৰঙা চাহকাপৰ পৰা আদি কৰি মাছ- মাংসকে ধৰি প্ৰায়বোৰ অসমীয়া ব্যঞ্জনত তেজপাত ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি জানিলেও আচৰিত হ’ব যে কেৱল কেৱল কৰ্কট ৰোগেই নহয়, বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে তেজপাতৰ।কেৱল সুগন্ধি বিলাবৰ বাবেই ব্যঞ্জনত ব্যৱহাৰ কৰা নহয়; ইয়াৰ আছে ঔষধি গুণ।আপুনি জানিলেও আচৰিত হৈ পৰিব যে তেজপাতে মনোচাৰেটেড ফেট উৎপন্ন কৰে। মনোচাৰেটেড ফেট বা চৰ্বী হৈছে- চৰ্বিৰ অণু। যিবোৰ অণুত এটা অসংপৃক্ত কাৰ্বন বন্ধন থাকে। যাৰ বাবে তেজত থকা বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। ফলত হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা দূৰ কৰে তেজপাতে।আপুনি জানেনে তেজপাত ব্যৱহাৰৰ আছে বহু সুফল,যেনে——–

১.বুকুৰ জলা পোৰা নাইকীয়া কৰে ।

২.এচিডিতি বা অম্লতা নোহোৱা কৰে ।

৩.শৌচ খোলোচা কৰে ।

৪.গৰম তেজপাতে অন্ত্ৰ প্ৰণালী নিয়মীয়া কৰে ।

৫.তেজৰ শৰ্কৰা হ্ৰাস কৰে ।
তেজপাত হৈছে এন্টিঅক্সিডেন্ট ।

Leave a Reply

Your email address will not be published. Required fields are marked *