এটা বছৰক বিদায় দি আন এটা বছৰৰ আদৰণি জনোৱাৰ উল্লাসেৰে এতিয়া ভৰি পৰিছে ৰাজ্যৰ বনভোজস্থলীসমূহ। নতুন বছৰটোক সুখেৰে আদৰাৰ এই পৰিকল্পনাৰ মাজতে কাল অমানিশা নামি আহিল এটা পৰিয়াললৈ। ব্ৰহ্মপুত্ৰৰ পাৰত সমনীয়াৰ সৈতে পিকনিক খাবলৈ গৈ কৰুণ মৃত্যু ঘটে প্ৰজ্ঞাশ্ৰী ফুকন নামৰ এগৰাকী যুৱতীৰ। যোৰহাটৰ বাঘমৰা বনভোজস্থলীত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি, নৈত হাত ধুবলৈ যোৱাৰ সময়তে যুৱতীগৰাকী হঠাতে নদীৰ পলসত সোমাই পৰে। ইয়াৰ পাছতে যুৱতীগৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। নিহত প্ৰজ্ঞাশ্ৰী ফুকন জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল। ছাত্ৰীগৰাকীৰ এই অকাল মৃত্যুয়ে এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। Share this:FacebookX Related Post navigation আৰ এছ এছ কোনো অৰ্ধসামৰিক বাহিনী নহয়! সংঘক লৈ চলা অপপ্ৰচাৰৰ বিৰুদ্ধে সৰৱ মোহন ভাগৱত ১০ বছৰীয়া প্ৰাৰ্থনাই প্ৰদান কৰা শিশুটিকো কাঢ়ি নিলে দূষিত পানীয়ে! চৰকাৰী ক্ষতিপূৰণ প্ৰত্যাখ্যান শোকস্তব্ধ পৰিয়ালৰ