নৰূপত প্ৰাণ পাই উঠিছে গুৱাহাটী মহানগৰ। স্মাট চিটিৰ অধীনত গুৱাহাটী মহানগৰত এটাৰ পাছত আন সৌন্দৰ্য্য বৰ্ধনৰ পদক্ষেপ হৈছে ৰাজ্য চৰকাৰে। তাৰ অধীনত গুৱাহাটী মহানগৰীত সংযোজিত হ’ল নদী টার্মিনেল আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। নদী পৰিবহণ ব্যৱস্থাত এক নৱতম সংযোজন ঘটাই শুকুৰবাৰে মুকলি কৰা হয় গুৱাহাটীৰ প্ৰৱেশদ্বাৰ (টার্মিনেল আৰু নদী ঘাট)।

৩০৫ কোটি টকা ব্যয় সাপেক্ষে এই নদী টার্মিনেলটো নিৰ্মাণ কৰা হৈছে। শুকুৰবাৰে সন্ধিয়া এই নদী টার্মিনেলটো আনুষ্ঠানিকভাৱে মুকলি কৰে অসম ভ্ৰমণত থকা কেন্দ্ৰীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে। কেন্দ্রীয় বিত্তমন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ বিত্তমন্ত্রী অজন্তা নেওগে।

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে নদী টার্মিনেলটো পৰিদৰ্শন কৰাৰ লগতে যাৱতীয় সা-সুবিধাৰ বুজ লয়। লগতে তেওঁ টার্মিনেলত জাহাজৰ ফ্লেগ অফ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *