লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ পাকিস্তানৰে সংযোগ সন্দর্ভত তদন্তৰ বাবে মুখ্যমন্ত্রীয়ে যি এছ আই টি গঠন কৰিছিল, সেই এছ আই টিয়ে তদন্ত সম্পূর্ণ কৰি নির্ধাৰিত সময়ত অর্থাৎ ১০ ছেপ্টেম্বৰত প্রতিবেদন দাখিল কৰে। এই এছ আই টিত আছিল আৰক্ষী বিষয়া ৰ’জী কলিতা, মুন্নাপ্রসাদ গুপ্তা, মৈত্রেয়ী ডেকা আৰু প্রণৱজ্যোতি গোস্বামী। তেওঁলোকে যোৱা কে’বামাহ ধৰি তদন্ত চলাই ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্রীক সাক্ষাৎ কৰি এছ আই টিৰ প্রতিবেদন দাখিল কৰে। এই প্রতিবেদনত কি আছে সেয়া পোহৰলৈ অহা নাই যদিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছে যে প্রতিবেদনখন অধ্যয়ন কৰি এই সন্দর্ভত তথ্য ৰাজহুৱা কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে যে ২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত অসম কেবিনেটে আলী তৌকিৰ শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিক আৰু তেওঁৰ সহযোগীসকলৰ ভাৰতবিৰোধী কার্যকলাপৰ তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী গোট গঠন কৰে। এই বিস্তৃত তদন্তৰ সময়ত এছ আই টিয়ে আশ্চৰ্যকৰ তথ্য উদ্ঘাটন কৰিছে, যি আমাৰ ৰাষ্ট্ৰৰ সার্বভৌমত্ব দুৰ্বল কৰাৰ উদ্দেশ্যে এক বৃহত্তৰ ষড়যন্ত্ৰৰ দিশটো আঙুলিয়াই দিছে। এছ আই টিয়ে আলী তৌকিৰ শ্বেখৰ বৃহত্তৰ ভাৰতবিৰোধী কার্যকলাপত ভাৰতৰ এগৰাকী সাংসদৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ব্রিটিছ নাগৰিক জড়িত থকাৰ কথা প্রমাণ কৰিছে। তদুপৰি পাকিস্তান চৰকাৰৰ গৃহ মন্ত্রালয়ে কেনেদৰে অসমৰ এজন সাংসদক তেওঁলোকৰ দেশ ভ্ৰমণ কৰাৰ সুবিধা প্রদান কৰিছিল, সেই বিষয়েও অনুসন্ধানত আলোকপাত কৰা হৈছে। অসম চৰকাৰে এতিয়া এছ আই টিৰ এই প্রতিবেদন বিতংভাৱে পৰীক্ষা কৰি অসম কেবিনেটত দাখিল কৰিব। বিষয়টো কেবিনেটত আলোচনা হোৱাৰ পিছত তদন্তৰ সময়ত সংগ্ৰহ কৰা তথ্য ৰাজহুৱা কৰা হ’ব। Share this:FacebookX Related Post navigation অসমৰ পৰা বিদেশী বহিষ্কাৰৰ ভূমিকাত থাকিব জিলা উপায়ুক্ত-অতিৰিক্ত জিলা উপায়ুক্ত নগাঁওত ১৭ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ‘মানুহে মানুহৰ বাবে’ গীত গাই ৰচিলে অভিলেখ