গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে দ্য গ্লবেল চেণ্টাৰ ফৰ হেল্থী ৱৰ্কপ্লেচ(জিচিএইচডব্লিউ) আৰু আৰোগ্য ৱৰ্ল্ডৰ সহযোগত ২০–২১ নৱেম্বৰত মুম্বাইৰ গড্ৰেজ ৱানত আয়োজন কৰা হৈছে সন্মানীয় গ্লবেল হেল্থী ৱৰ্কপ্লেচ ছামিট এণ্ড এৱাৰ্ডছৰ। এই বিশ্বজনীন অনুষ্ঠানটো ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব, য’ত স্বাস্থ্যসেৱাৰ নেতৃত্ব, উদ্যোগ বিশেষজ্ঞ আৰু নীতি নিৰ্ধাৰকসকলক একত্ৰিত কৰি কৰ্মক্ষেত্ৰৰ সুস্থতাক ন ৰূপত সংজ্ঞায়িত কৰা হ’ব। এই সন্মিলনত বিশ্বব্যাপী সৰ্বোত্তম পদ্ধতি আৰু ভাৰতৰ আগশাৰীৰ কৰ্পৰেট সুস্থতা মডেলসমূহ প্ৰদৰ্শন কৰা হ’ব। গুৰুত্ব প্ৰদান কৰা ক্ষেত্ৰসমূহৰ ভিতৰত আছে অ-সংক্ৰামক ৰোগ প্ৰতিৰোধ, মানসিক স্বাস্থ্য সমৰ্থন, ইএছজি-সংলগ্ন স্বাস্থ্য কৌশল আৰু আৰোগ্য ৱৰ্ল্ডৰ মাইথালি পুষ্টি আৰু ধঁপাতমুক্ত কৰ্মক্ষেত্ৰৰ পদক্ষেপৰ দৰে কাৰ্যসূচী আদি। ইয়াৰ লগতে ২০২৫ চনৰ বিশ্বজুৰি আটাইতকৈ স্বাস্থ্যসন্মত কৰ্মক্ষেত্ৰৰ তালিকাও মুকলি কৰা হ’ব। গড্ৰেৰ অজয় ভাটে এই বিষয়ে কয় যে, “এই সন্মিলনে সুস্থ, ভৱিষ্যতৰ বাবে সাজু কৰ্মস্থানৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।” জিচিএইচডব্লিউ-ৰ বেৰী ক্ৰিছপে উল্লেখ কৰিছে যে, “সুস্বাস্থ্য হৈছে ভাল ব্যৱসায়ৰ মূলমন্ত্ৰ আৰু এই সন্মিলনে ইয়াক বিশ্বজনীন কৰি তুলিছে।” আৰোগ্য ৱৰ্ল্ডৰ শ্ৰাবণী বেনাৰ্জীয়ে এই বিষয়ে কয় যে, এই অনুষ্ঠানটোৱে ব্যৱসায়সমূহক সুস্থতাক মূল কৌশলৰ সৈতে একত্ৰিত কৰিবলৈ ক্ষমতা প্ৰদান কৰিব। গুৱাহাটী মহানগৰীতো কৰ্মচাৰীৰ সুস্থতাৰ সজাগতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে, এই সন্মিলনে এফএমচিজি, উৎপাদন আৰু তথ্যপ্ৰযুক্তিৰ দৰে খণ্ডত, য’ত কৰ্মচাৰী ধৰি ৰখা আৰু উৎপাদনশীলতা সুস্থতাৰ সৈতে দৃঢ়ভাৱে জড়িত আঞ্চলিক প্ৰতিষ্ঠানসমূহক গঠনমূলক স্বাস্থ্য কাৰ্যসূচীত বিনিয়োগ কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে। Share this:FacebookX Related Post navigation নিছান মটৰ ইণ্ডিয়াই বানপীড়িত বাহনৰ গৰাকীৰ বাবে আগবঢ়াইছে এক বিস্তৃত সমৰ্থন পদক্ষেপ