ভাষাৰে বুজাব নোৱাৰা অনুভৱ। জুবিন দাৰ শেষ যাত্ৰাত জনসমুদ্ৰত পৰিণত হ’ল গুৱাহাটী। বৰঝাৰ বিমান বন্দৰৰ পৰা জুবিন দা লগত লৈ আহিল লাখ লাখ অনুৰাগীয়ে। সৰুসজাইত অনুৰাগীক উদ্দেশ্যি জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ক’লে এইদৰে-“আপোনালোক সকলোলৈকে মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি জুবিন থকা হ’লে এনেদৰে ইমান মৰম আৰু আৰ্শীবাদ দেখি, ইমান আদৰ দেখি আপোনালোককো কৃতজ্ঞতা জনালেহেঁতেন। কিন্তু তেওঁ শব্দৰে এতিয়া একো প্ৰকাশ কৰিব নোৱাৰে। গতিকে তেওঁ হৈ মই আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।” “তেওঁ শেষ যাত্ৰাত পুনৰ মৰম, শ্ৰদ্ধাঞ্জলি জনাবলৈ অসম বিভিন্ন ঠাইৰ পৰা আপোনালোকে আহি এক গোট হৈছে। তেওঁ থকাৰ সময়ত যিমান প্ৰাপ্য তাতকৈ বহুত বেছি দিছে। যি কাৰণে ৩০ বছৰত, যিমানখিনি মানুহে ১০০ বছৰত কৰিব নোৱাৰে তাতকৈ বেছি কাম কৰিব পাৰিলে, ইমানখিনি সফল হ’ল।”“এতিয়া আপোনালোকৰ মাজতে জুবিনৰ সকলোখিনি সৃষ্টি থাকিব। আপোনালোকে তেওঁক জীয়াই ৰাখিব, মই জানোঁ। সেইখিনি বিশ্বাস আছে। গতিকে জুবিনে সদায় সকলো একেলগ হৈ থকাটো বিচাৰে। সদায় শান্তিৰে, সদায় সুস্থিৰে, সদায় শৃংখলাবদ্ধভাৱে সংস্কৃতিৰ বাট মুকলি কৰিব বিচাৰে।”“যিমানেই সাম্প্ৰদায়িক কথা-বতৰা চলি থাকক কিয়, আজি দেখাছো সকলো জাতি, জনগোষ্ঠী একগোট হৈ যিধৰণে মৰম আৰু সন্মান জনাইছে, অসমত আকৌ এবাৰ কেতিয়া এই পৰিবেশ দেখিবলৈ পাম নাজানোঁ। যিমানখিনি মৰম আপোনালোকে দিছে, সেয়া জুবিনে যথেষ্ট কৃতজ্ঞতাৰে, সন্তুষ্টিৰে তেওঁ আমাৰ মাজৰ পৰা কায়িকভাৱে বিদায় ল’ব।”“কিন্তু তেওঁ সদায় আমাৰ লগত আছে,কাৰণ তেওঁ সদায় অসমক ভাল পায়, আপোনালোকক ভাল পায়। আমাৰ মাজতে জুবিন সদায় থাকিব। জুবিনক সদায় এনেদৰে মৰমেৰে আপোনালোকে জীয়াই ৰাখিব। নতুন প্ৰজন্মৰ মাজত জুবিন সদায় থাকিবলৈ ভাল পায়। গতিকে আপোনালোকৰ হাততে এতিয়া জুবিন থাকিব।” Share this:FacebookX Related Post navigation কাইলৈ অনুষ্ঠিত হ’ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন প্ৰবল ভূমিকম্পই জোকাৰি তুলিছে ম্যানমাৰ আৰু বাংলাদেশ