বজালী জিলাৰ বঙালীপাৰাত অৱস্থিত ষ্টেলা মেৰিছ স্কুলত সোমবাৰে এক অনাকাংক্ষিত ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে। বিদ্যালয়খনৰ এগৰাকী কম্পিউটাৰ শিক্ষকৰ বিৰুদ্ধে চতুৰ্থ শ্ৰেণীৰ এজন ছাত্ৰক শৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। শিক্ষকগৰাকীয়ে কোনো কথাতে ক্ষুব্ধ হৈ ছাত্ৰজনক দেৱালত জোৰেৰে ঠেলা মাৰি দিয়াৰ ফলত মূৰত গুৰুতৰভাৱে আঘাত পায় কিশোৰজনে। আহত ছাত্ৰজনক লগে লগে চিকিৎসাৰ বাবে বজালী অসামৰিক হাস্পতাললৈ নিয়া হয় যদিও মূৰৰ আঘাত গুৰুতৰ হোৱা বাবে উন্নত চিকিৎসাৰ বাবে তেওঁক মুছলপুৰৰ এখন ব্যক্তিগত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়ৰ চৌহদত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। অভিভাৱক আৰু স্থানীয় ৰাইজে দোষী শিক্ষকজনৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে। ইফালে, ছাত্ৰজনৰ পৰিয়ালে ইতিমধ্যে ভৱানীপুৰ আৰক্ষী চকীত এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰজনৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ যদিও ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এগৰাকী অবোধ শিশুক এগৰাকী শিক্ষকে এইদৰে পাষণ্ডৰ দৰে প্ৰহাৰ কৰা কাৰ্যই সমগ্ৰ জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation পৰাজয়ৰ গ্লানিৰ মাজতে পাকিস্তান ক্ৰিকেটত হাহাকাৰ; প্ৰতিজন খেলুৱৈক বিহা হ’ল ৫০ লাখৰ জৰিমনা আমেৰিকা বিশ্বকাপত নেখেলিব পাৰে ইৰানে; যুদ্ধৰ পৰিৱেশৰ মাজতে ফুটবলক লৈ অনিশ্চয়তা