ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণনীতি অধিক স্পষ্ট কৰি তুলিছে বিৰোধী শিবিৰৰ অন্যতম অংশীদাৰ ৰাইজৰ দলে। শনিবাৰে দলটোৱে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা মুকলি কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে হোৱা আসন বুজাবুজিৰ পাছত ৰাইজৰ দলে এইবাৰ মুঠ ১৩ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে।

দলৰ নিৰ্বাচনী সমিতিয়ে অনুমোদন জনোৱা এই তালিকা অনুসৰি, দলৰ সভাপতি অখিল গগৈয়ে নিজৰ সমষ্টি শিৱসাগৰৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হ’ব। আনহাতে কলিয়াবৰ সমষ্টিৰ বাবে প্ৰদীপ কুমাৰ বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। এই তালিকাত অন্তৰ্ভুক্ত আন কেইগৰাকীমান উল্লেখযোগ্য প্ৰাৰ্থী হ’ল— গৌৰীপুৰৰ পৰা আবুল মিঞা, পূব গোৱালপাৰাত আব্দুৰ বাছিদ মণ্ডল, মানসত অঞ্জন তালুকদাৰ, দলগাঁৱত আজিজুৰ ৰহমান, ধিঙত মেহবুব মুক্তাৰ, তেজপুৰত আলোক নাথ, চিচিবৰগাঁৱত দুলাল চন্দ্ৰ বৰুৱা, মাৰ্ঘেৰিটাত ৰাহুল ছেত্ৰী, ডিগবৈত দুলাল মৰাণ আৰু মৰিয়নীত জ্ঞানশ্ৰী বৰা।

উল্লেখ্য যে বোকাখাত সমষ্টিৰ প্ৰাৰ্থীৰ নাম আজি অৰ্থাৎ ২২ মাৰ্চত ঘোষণা কৰা হ’ব বুলি দলীয় সূত্ৰই জনাইছে। এইবাৰৰ নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটক প্ৰতিহত কৰিবলৈ বিৰোধী ঐক্যৰ স্বাৰ্থত দলে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দলৰ সভাপতি অখিল গগৈয়ে কয়, “বিৰোধী ঐক্যৰ বৃহৎ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমি এই চূড়ান্ত তালিকা প্ৰকাশ কৰিছোঁ। ইয়াৰ পূৰ্বে ঘোষণা কৰা যিবোৰ সমষ্টি এই তালিকাত অন্তৰ্ভুক্ত হোৱা নাই, সেইসমূহ প্ৰাৰ্থিত্ব বাতিল কৰা হৈছে।” তেওঁ লগতে কয়, “আসন বুজাবুজিৰ বাবে প্ৰাৰ্থিত্ব সলনি কৰিবলগীয়া হোৱা কাৰ্যত মই দুখ প্ৰকাশ কৰিছোঁ, কিন্তু বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিয়াটোৱেই আমাৰ মূল লক্ষ্য।”

Leave a Reply

Your email address will not be published. Required fields are marked *