গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুনকৈ মুকলি কৰা টাৰ্মিনেল ২ৰ পৰা বিমান সেৱা আৰম্ভ হৈছে, বুধবাৰৰ পৰা নতুন টাৰ্মিনেলৰ পৰা এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান সেৱা আৰম্ভ কৰিছে। দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমান এ আই ৮৭৯ প্ৰথমখন বিমানে টাৰ্মিনেল ২ত অৱতৰণ কৰে। পিছলৈ একেখন বিমানেই এ আই ৮৮০ ৰূপে দিল্লীলৈ ৰাওনা হয়, যাৰ ফলত বিমান সংস্থাটোৱে টাৰ্মিনেলটোৰ পৰা প্ৰথমবাৰৰ বাবে যাত্ৰাৰ সূচনা কৰে। ইয়াৰ পিছতে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ প্ৰথমখন বিমানৰ আগমন ঘটে, কলকাতাৰ পৰা আইএক্স ১৫১৭ বিমানখন গুৱাহাটীত অৱতৰণ কৰি পুনৰ ইম্ফললৈ উৰা মাৰে। এয়াৰ ইণ্ডিয়াই দিল্লী আৰু গুৱাহাটীৰ মাজত দৈনিক দুখনকৈ বিমান চলাচল কৰে। গুৱাহাটীৰ পৰা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিস্তৃত নেটৱৰ্ক আছে, দৈনিক ১৭খন বিমান সেৱাৰে চহৰখনক ৯টা গন্তব্যস্থানলৈ সংযোগ কৰে। বিমানবন্দৰৰ বিষয়াসকলে কয় যে, নতুন টাৰ্মিনেলৰ জৰিয়তে যাত্ৰীৰ বিমানসেৱা উন্নত হোৱাৰ লগতে উন্নত সা-সুবিধা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। শুভাৰম্ভণি দিনটোত অসমৰ সংস্কৃতিক উজ্জ্বল কৰি তোলাৰ প্ৰচেষ্টাও দেখা গ’ল। প্ৰথম এয়াৰ ইণ্ডিয়া বিমানত থকা যাত্ৰীসকলক নাৰিকলৰ লাৰুৰে আপ্যায়ন কৰিছিল। টাৰ্মিনেল ২ত চেক ইন কৰা প্ৰথম যাত্ৰীজনক অসমীয়াৰ স্বাভিমান গামোচাৰে আদৰণি জনোৱা হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এলজিবিআই বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল ২ত এয়াৰ ইণ্ডিয়াৰ উদ্বোধনী বিমান অৱতৰণৰ ভিডিঅ’ শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়াত যথেষ্ট প্ৰশংসা কৰিছে। এক্সত ভিডিঅ’টো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, “এয়াৰ ইণ্ডিয়াৰ উদ্বোধনী বিমানখন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলত অৱতৰণ কৰিলে, য’ত আতিথ্যই নতুন মাত্ৰা লাভ কৰিলে। যাত্ৰীসকলক অসমৰ সংস্কৃতি, ভাষা আৰু পৰম্পৰাৰে চিনাকী কৰি দিয়া হৈছিল আৰু নাৰিকল লাৰু পৰিৱেশন কৰা হৈছিল।” #AwesomeAssam হেশ্বটেগ ব্যৱহাৰ কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই ভ্ৰমণকাৰীসকলক ৰাজ্যখনৰ বৈচিত্ৰ্যময় পৰ্যটনৰ অফাৰসমূহ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়। “ছুটীৰ পৰিকল্পনা কৰক, সেউজ অৰণ্য, সমৃদ্ধ উদ্ভিদ আৰু প্ৰাণী, চাহ বাগিচা অন্বেষণ কৰক আৰু #AwesomeAssamৰ সজীৱ সংস্কৃতি আৰু খাদ্যৰ অভিজ্ঞতা লাভ কৰক,” তেওঁ এইদৰে আহ্বান জনায়। Share this:FacebookX Related Post navigation মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী নস্যাৎ দেৱব্ৰত শইকীয়াৰ; গেৰুৱা দলৰ সাম্প্ৰদায়িক আদৰ্শ গ্ৰহণ নকৰাৰ স্পষ্ট ঘোষণা প্ৰতীক বৰদলৈয়ে ত্যাগ কৰিলে কংগ্ৰেছ প্ৰাৰ্থিত্ব; পিতৃ প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোগদানৰ প্ৰভাৱ