ডিজিটেল বিপ্লৱৰ ফলত সলনি হোৱা যোগাযোগ ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত অন্ত পৰিল ডেনমাৰ্কৰ ৪০১ বছৰীয়া ৰাজহুৱা ডাক সেৱাৰ এক ঐতিহাসিক অধ্যায়ৰ। দেশখনৰ চৰকাৰী ডাক সংস্থা ‘পোষ্টনৰ্ড’-এ মঙলবাৰে তেওঁলোকৰ অন্তিমখন চিঠি বিতৰণ কৰে। এতিয়াৰে পৰা সংস্থাটোৱে কেৱল পাৰ্চেল বিতৰণৰ ওপৰতহে গুৰুত্ব দিব বুলি জানিবলৈ দিছে।

ডিজিটাইজেচনৰ বাবে চিঠিৰ সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পোৱাৰ বাবেই এই কঠিন সিদ্ধান্ত লোৱা বুলি প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া কিম পেডাৰচনে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। তেওঁ কয় যে বৰ্তমান ই-কমাৰ্চৰ যুগত চিঠিতকৈ পাৰ্চেলৰ চাহিদা বহু বেছি, সেয়েহে সময়ে দাবী কৰা পৰিৱৰ্তনক তেওঁলোকে আদৰণি জনাইছে।

তদুপৰি, পোষ্টনৰ্ডৰ এই প্ৰস্থানৰ পাছত এতিয়া ‘দাও’ (Dao) নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে দেশখনৰ চিঠি বিতৰণৰ দায়িত্ব গ্ৰহণ কৰিব। প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া হান্স পিটাৰ নিচেনে ২০২৬ বৰ্ষত প্ৰায় ৮০ নিযুত চিঠি বিতৰণৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ সৈতে ডেনমাৰ্কত শতিকা পুৰণি চৰকাৰী ডাক পৰম্পৰাৰ আনুষ্ঠানিক সামৰণি পৰিল।

Leave a Reply

Your email address will not be published. Required fields are marked *