চৰম উৎকণ্ঠা আৰু ৰাজনৈতিক গৰম বতাহে জোকাৰি গৈছে সমগ্ৰ মহানগৰী। অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনটো পাৰ হোৱাৰ লগে লগে গুৱাহাটীৰ ৫ টা গুৰুত্বপূৰ্ণ সমষ্টিত এতিয়া নিৰ্বাচনী যুঁজখনে এক নতুন ৰূপ লৈছে। প্ৰভাৱশালী নেতাৰ পৰা আৰম্ভ কৰি নিৰ্দলীয় প্ৰাৰ্থীলৈকে মুঠ ২৬ গৰাকী যুঁজাৰুৰ উপস্থিতিয়ে ৰাজ্যৰ সৰ্ববৃহৎ চহৰখনক এক প্ৰকৃত ৰণক্ষেত্ৰলৈ পৰিবৰ্তিত কৰিছে। ৩৭ নম্বৰ জালুকবাৰী সমষ্টিত বিজেপিৰ দুৰ্গ ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই ভিআইপি আসনখনত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ বিদ্বিশা নেওগ আৰু ভূমি অধিকাৰ পাৰ্টিৰ দীপিকা দাসে প্ৰত্যাহ্বান জনাই নিৰ্বাচনী যুঁজখনক ত্ৰিকোণীয়া কৰি তুলিছে। জালুকবাৰীৰ দৰে হাই-প্ৰফাইল সমষ্টিত বিৰোধীৰ এই যুঁজ কিমান ফলপ্ৰসূ হ’ব, তাক লৈ চৰ্চা আৰম্ভ হৈছে। ৩৬ নং গুৱাহাটী কেন্দ্ৰীয় সমষ্টিত এইবাৰ সৰ্বাধিক সাতগৰাকী প্ৰাৰ্থীয়ে ভাগ্য পৰীক্ষা কৰিছে। বিজেপিৰ বিজয় কুমাৰ গুপ্তাৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ কুংকী চৌধুৰী আৰু আপৰ অনুৰূপা ডেকাৰজাৰ শক্তিশালী স্থিতিয়ে নিৰ্বাচনী সমীকৰণ যথেষ্ট জটিল কৰি তুলিছে। সমষ্টিটোত বিএপি, তৃণমূল কংগ্ৰেছ আৰু ফৰৱাৰ্ড ব্লকৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় অচ্যুত কলিতায়ো তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ ইংগিত দিছে। নতুন গুৱাহাটী (৩৫) সমষ্টিত বিজেপিৰ দিপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছৰ শান্তনু বৰাৰ মাজত এক পোনপটীয়া সংঘাতৰ সম্ভাৱনা আছে। ইফালে দিছপুৰ (৩৩) সমষ্টিত কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী আৰু বিজেপিৰ প্ৰদ্যুত বৰদলৈৰ মাজত এক মৰ্যাদাপূৰ্ণ যুঁজৰ প্ৰস্তুতি চলিছে। আনহাতে ৩৪ নং ডিমৰীয়া সমষ্টিত অগপৰ ডাঃ ভূপেন দাস আৰু কংগ্ৰেছৰ কিশোৰ কুমাৰ বৰুৱাৰ মাজত মূল প্ৰতিযোগিতা হ’লেও নিৰ্দলীয় প্ৰাৰ্থীৰ উপস্থিতিয়ে ভোট বিভাজনৰ চিন্তা বৃদ্ধি কৰিছে। অহা ৯ এপ্ৰিলত ভোটাৰে কাক আদৰি ল’ব, সেয়া এতিয়া সমগ্ৰ মহানগৰীৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু। Share this:FacebookX Related Post navigation কলম্বিয়াত বিমান দুৰ্ঘটনাত ৩৩ সেনা জোৱানৰ মৃত্যু, শোকৰ ছাঁ চিলিণ্ডাৰৰ ওজন কমোৱাৰ গুজৱ; ১৪.২ কেজি অব্যাহত থাকিব বুলি চৰকাৰৰ স্পষ্টীকৰণ