ৰমজানৰ পবিত্ৰ দিনকেইটা পাৰ কৰি এতিয়া দেশৰ আকাশ-বতাহত বিয়পিছে আনন্দৰ জোৱাৰ। শুকুৰবাৰে নিশা আকাশত চন্দ্ৰ দেখা পোৱাৰ পিছতে শনিবাৰে ভাৰতৰ লগতে চৌদি আৰৱত ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে উদযাপন কৰিছে পবিত্ৰ ঈদ-উল-ফিটৰ। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো মছজিদ তথা ঈদগাহসমূহত হাজাৰ হাজাৰ লোকে একত্ৰিত হৈ পবিত্ৰ ঈদৰ নামাজ আদায় কৰাৰ লগতে ইজনে আনজনক সাবটি ধৰি শুভেচ্ছা বিনিময় কৰা দেখা গৈছে।

পৱিত্ৰ ঈদ উপলক্ষে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে লিখিছে, “সকলোৱে সমাজত ঐক্য আৰু সম্প্ৰীতি বৃদ্ধিৰ সংকল্প লৈ জাতিটোৰ প্ৰগতিত অৰিহণা যোগোৱা উচিত।” একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এক্সৰ জৰিয়তে সকলোকে শুভেচ্ছা জনাই সকলোৰে শান্তি আৰু সু-স্বাস্থ্য কামনা কৰে।

এমাহৰ কঠোৰ ৰোজা পালনৰ অন্তত উদযাপন কৰা এই উৎসৱৰ অন্যতম বিশেষত্ব হৈছে দান-বৰঙণি। নামাজত অংশগ্ৰহণ কৰাৰ পূৰ্বে দুখীয়া লোকক সহায় কৰাটো ইছলাম ধৰ্মত এক পবিত্ৰ নিয়ম হিচাপে গণ্য কৰা হয়, যাতে আৰ্তজনো এই আনন্দৰ ভাগী হ’ব পাৰে। ৰমজান মাহৰ নৱম মাহটোৰ এই পবিত্ৰ সময়ত উপাসনাৰ জৰিয়তে বিশ্ব শান্তি আৰু মংগলৰ বাবে আল্লাৰ ওচৰত দোৱা কৰিছে ভক্তসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *