আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত আক্ৰমণ চলাই যুদ্ধ সূচনা কৰা আজি ১৮ দিন হল। এই যুদ্ধৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে। তেলৰ মূল্য প্ৰতি বেৰেলত ১৫৩ ডলাৰলৈ বৃদ্ধি পাইছে, যিটো শেহতীয়া সময়ত সৰ্বোচ্চ স্তৰৰ ভিতৰত অন্যতম। এই বৃদ্ধিয়ে বিশ্বজুৰি বিশেষকৈ তেল আমদানিৰ ওপৰত নিৰ্ভৰশীল অৰ্থনীতিত প্ৰভাৱ পেলাইছে। তেলৰ এই হঠাৎ উত্থানে বহু দেশত মুদ্ৰাস্ফীতিৰ আশংকা বৃদ্ধি কৰিছে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিবহণ, বিদ্যুৎ, আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যত পৰিব পাৰে।

ইফালে শ্ৰীলংকাই ঘোষণা কৰিছে যে এতিয়া চৰকাৰী কাৰ্যালয়সমূহ সপ্তাহত মাত্ৰ চাৰিদিনহে চলিব। ইন্ধন সংৰক্ষণ আৰু শক্তি সংকট দূৰ কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। চৰকাৰৰ মতে এই পদক্ষেপে পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লগতে পূর্বে অৰ্থনৈতিক সংকট আৰু ইন্ধনৰ নাটনিৰ সন্মুখীন হোৱা দেশৰ অর্থনৈতিক পৰিস্থিতিত সহায় কৰিব৷ এই উত্তেজনাৰ মাজতে ভাৰতৰ বাবে সকাহ ভৰা খবৰ আহিছে। আজি গুজৰাটৰ কণ্ডলা বন্দৰ আৰু মুন্দ্ৰা বন্দৰত উপস্থিত হ’বলৈ গৈ আছে দুখন ভাৰতীয় জাহাজ।

‘নন্দ দেৱী’ জাহাজখনে প্ৰায় ৪৬ হাজাৰ মেট্ৰিক টন এল পি জি লৈ কণ্ডলাত উপস্থিত হোৱাৰ বিপৰীতে ‘জগ লাডকী’ জাহাজখনে প্ৰায় ৮১ হাজাৰ টন খাৰুৱা তেল লৈ মুন্দ্ৰা বন্দৰত উপস্থিত হ’ব। এই দুয়োখন জাহাজ হৰমুজ জলদ্বীপৰ পৰা তেল আৰু গেছ লৈ ভাৰতলৈ আহিছে। ইয়াৰ পূর্বে ভাৰতীয় জাহাজ শিৱালিকে এল পি জি লৈ সোমবাৰে মুন্দা বন্দৰত উপস্থিত হৈছিল৷ এই জাহাজখনত প্ৰায় ৪৬ হাজাৰ মেট্ৰিক টন এল পি জি আছে, যিটো প্ৰায় ৩২.৪ লাখ ঘৰুৱা গেছ চিলিণ্ডাৰৰ সমতুল্য।

Leave a Reply

Your email address will not be published. Required fields are marked *