ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধক লৈ একাংশ নিউজ চেনেলে চলাই থকা অতিৰঞ্জিত আৰু উত্তেজনাপূৰ্ণ বাতৰি পৰিৱেশনৰ ওপৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ‘ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্চ কাউন্সিল’ চমুকৈ বাৰ্কক দেশৰ সকলো নিউজ চেনেলৰ টিআৰপি ৰিপোৰ্টিং ৪ সপ্তাহৰ বাবে স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে। সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত আতংক সৃষ্টি কৰিব পৰা যিকোনো ভুৱা তথ্য আৰু নাটকীয় উপস্থাপন ৰোধ কৰাৰ লক্ষ্যৰেই এই তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিগত কেইবাদিনো ধৰি একাংশ টেলিভিছন চেনেলে যুদ্ধৰ ক্ষেত্ৰত কোনো চৰকাৰী সত্যতা নোহোৱাকৈয়ে যুদ্ধৰ কাল্পনিক মানচিত্ৰ, মিছাইল আক্ৰমণৰ এনিমেচন আৰু বিশ্বযুদ্ধৰ আগজাননী দি তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰি আহিছে। এনেধৰণৰ বাতৰিয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ লগতে যুদ্ধবিধ্বস্ত অঞ্চলত থকা ভাৰতীয়সকলৰ পৰিয়ালৰ মাজত তীব্ৰ মানসিক চাপৰ সৃষ্টি কৰা বুলি মন্ত্ৰালয়ে উল্লেখ কৰে। টিআৰপিৰ দৌৰত আগবাঢ়ি থাকিবলৈ চেনেলসমূহে গ্ৰহণ কৰা এই আক্ৰমণাত্মক শৈলীয়ে সাংবাদিকতাৰ নীতিনিয়ম উলংঘা কৰা বুলি চৰকাৰী বিষয়াসকলে মত প্ৰকাশ কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ২০২০ চনত টিআৰপি কেলেংকাৰীক লৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়ত বাৰ্কে নিউজ চেনেলৰ ৰেটিং কেইবামাহৰ বাবে বন্ধ কৰি দিছিল। শেহতীয়া নিৰ্দেশনা অনুসৰি, অহা চাৰি সপ্তাহ বা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বলবৎ থাকিব। চৰকাৰে চেনেলসমূহক স্পষ্টকৈ জনাই দিছে যে আন্তঃৰাষ্ট্ৰীয় সংকটৰ সময়ত দায়িত্বশীল সাংবাদিকতা কৰাটো অত্যন্ত প্ৰয়োজনীয়। প্ৰগ্ৰেম আৰু এডভাৰ্টাইজিং ক’ড অনুসৰি, জনসাধাৰণৰ মাজত আতংক সৃষ্টি কৰিব পৰা বা ভুল তথ্য বিয়পোৱা যিকোনো সমল সম্প্ৰচাৰ কৰাটো আইনমতে দণ্ডনীয়। সংবাদ বিশেষজ্ঞসকলৰ মতে, টিআৰপিৰ ৰিপোৰ্টিং সাময়িকভাৱে বন্ধ কৰি দিয়াৰ ফলত চেনেলসমূহৰ মাজত চলি থকা উত্তেজনাপূৰ্ণ বাতৰিৰ প্ৰতিযোগিতা কিছু পৰিমাণে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিক লৈ সমগ্ৰ বিশ্ব চিন্তিত হৈ থকাৰ সময়ত ভাৰতীয় নিউজ চেনেলসমূহৰ এনে নাটকীয় উপস্থাপনক লৈ বিভিন্ন মহলত তীব্ৰ সমালোচনা চলিছিল। Share this:FacebookX Related Post navigation মণিপুৰত পৃথক অভিযানত এনআৰএফএম আৰু ইউএনএলএফৰ ৩ সদস্য গ্ৰেপ্তাৰ, উদ্ধাৰ মাৰণাস্ত্ৰ সাংবাদিক হত্যাৰ গোচৰৰ পৰা দোষমুক্ত স্বয়ম্ভূ ভগৱান গুৰমিত ৰাম ৰহিমঃ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ৰায়